নেশ্যনেল ডেস্ক, 5 এপ্ৰিল: উত্তৰ প্ৰদেশৰ ত্ৰি-স্তৰীয় পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হোৱাৰ লগে লগে প্ৰাৰ্থী সকলে জিলা মুখ্য কাৰ্যালয় সমূহত পূৰ্ণ উৎসাহেৰে মনোনয়ন দাখিল কৰা পৰিলক্ষিত হৈছে ৷ ডাঙৰ ৰাজনৈতিক দলৰ প্ৰবীন প্ৰাৰ্থী সকলৰ উপৰিও এনে এগৰাকী প্ৰাৰ্থী আছে, যি গৰাকী লোক সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়াটোত আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ হাতত এডাল লাখুটি আৰু কান্ধত ওলোমাই লোৱা খাদিৰ মোনাটোৰ সৈতে 74 বৰ্ষীয় আম্বেদকাৰী হাছানুৰম আম্বেদকাৰী সকলোৰে বাবে এক উদাহৰণ হৈ পৰিছে, কিয়নো 74 বৰ্ষীয় আম্বেদকাৰীয়ে 93 তম বাৰৰ বাবে ৱাৰ্ড নং 30 ৰ পৰা জিলা পঞ্চায়তৰ সদস্য পদৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰিছে ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে তেওঁ 92 তম নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হৈছিল ৷
1947 চনৰ 15 আগষ্টত খইৰাগড়ৰ ৰামনগৰ গাঁৱত জন্মলাভ কৰা আম্বেদকাৰী হাছানুৰম এগৰাকী এমএনৰেগা শ্ৰমিক ৷ পত্নী শিৱদেৱীৰ সৈতে তেওঁ পাঁচজন সন্তানৰ পিতৃ আৰু তেওঁৰ আটাইকেইজন সন্তানেই বৃত্তিত শ্ৰমিক ৷ 1985 চনৰ পৰাই হাছানুৰম আম্বেদকাৰীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াই আহিছে ৷ এতিয়ালৈকে 90 ৰো অধিক বাৰ তেওঁ গাঁৱৰ মুৰব্বী তথা সভাপতি পদৰ বাবে আবেদন কৰিছে ৷
আম্বেদকাৰীয়ে জানিবলৈ দিয়া মতে, 1985 চনত তেওঁ বিএচপিৰ এগৰাকী কঠোৰ পৰিশ্ৰমী কৰ্মী আছিল আৰু বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিদ্বন্দিতা কৰাৰ ইচ্ছা কৰিছিল ৷ তেওঁ এই ইচ্ছা প্ৰকাশ কৰাৰ লগে লগে বিএচপিৰ এগৰাকী ডাঙৰ নেতাই "তোমাৰ পত্নীয়ে যদি তোমাক সম্পূৰ্ণভাৱে চিনি নাপাই, অন্য কোনোবাই তোমাৰ কাৰণে ভোট কৰিব জানো? " বুলি ইতিকিং কৰিছিল ৷ হাছানুৰমে কয় যে, বিএচপিৰ নেতা গৰাকীয়ে তেওঁক ইতিকিং কৰাৰ পাছতে তেওঁ যথেষ্ট মনোকষ্ট পাই বিএচপি দল ত্যাগ কৰে ৷ ইয়াৰ পাছতে 1988 চনত প্ৰথমবাৰৰ বাবে খইৰাগড় বিধানসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ পাছত একেৰাহে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াই আহিছে ৷