নেশ্যনেল ডেস্ক, 19 জানুৱাৰী:পদ্মশ্ৰী আৰু পদ্মভূষণ সন্মান লাভ কৰা জ্যেষ্ঠ চিকিৎসক ড৹ ভি শান্তাৰ মঙলবাৰে চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত 93 বছৰ বয়সত মৃত্যু হয় ৷ দীৰ্ঘদিনৰ পৰা বুকুৰ বিষত ভুগী থকা জ্যেষ্ঠ চিকিৎসক তথা অদিয়া কৰ্কট প্ৰতিষ্ঠানৰ জ্যেষ্ঠ কৰ্কটৰোগ বিশেষজ্ঞ তথা অধ্যক্ষা ড৹ ভি শান্তাক সোমবাৰে ভৰ্তি কৰোৱা হয় এখন ব্যক্তিগত চিকিৎসালয়ত ৷ চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ চিকিৎসক গৰাকীয়ে ৷
উল্লেখ্য যে,দেশৰ সকলো কৰ্কট ৰোগীৰ বাবে উন্নত মানদণ্ডৰ চিকিৎসা প্ৰদানৰ প্ৰচেষ্টা চলোৱাৰ বাবে ড৹ ভি শান্তালৈ ১৯৮৬ চনত পদ্মশ্ৰী আৰু ২০০৬ পদ্মভূষণ সন্মান প্ৰদান কৰাৰ লগতে পদ্মবিভূষণ আৰু ৰামোন মেগছেছে বঁটাও প্ৰদান কৰা হৈছিল। ইয়াৰ লগতে ড৹ শান্তা কৰ্কট প্ৰতিষ্ঠান (WIA) চেন্নাইৰ অধ্যক্ষা আৰু কাৰ্যবাহী অধ্যক্ষাও আছিল।