অসম

assam

ETV Bharat / bharat

India Canada clashes : হিন্দুসকলক উদ্দেশ্যি ঘৃণামূলক মন্তব্য, কানাডাৰ বিৰোধী নেতাৰ তীব্ৰ গৰিহণা - opposition leader Pierre

শিখছ ফৰ জাষ্টিছৰ মুৰব্বী গুৰপতৱন্ত সিং পান্নুনে ভাৰতীয় মূলৰ হিন্দুসকলক ভাবুকি দিছে । কানাডাত হিন্দুসকলক আক্ৰমণ কৰাটো গ্ৰহণযোগ্য নহয় । দেশখনত হিন্দুসকলৰ যথেষ্ট সমাদৰ আছে ।

India Canada clashes
হিন্দুসকলক উদ্দেশ্যি ঘৃণামূলক মন্তব্য

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 5:13 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,২৩ ছেপ্টেম্বৰ :শেহতীয়াকৈ ভাৰত আৰু কানাডাৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ যথেষ্ট অৱনতি হৈছে । ইয়াৰ মাজতে কানাডাত হিন্দুসকলক লক্ষ্য কৰি ঘৃণনীয় মন্তব্য কৰা দেখা গৈছে । ২০১৯ চনত ভাৰতত নিষিদ্ধ কৰা খালিস্তানী সংগঠন শিখছ ফৰ জাষ্টিছৰ মুৰব্বী গুৰপতৱন্ত সিং পান্নুনে এটা ভাইৰেল ভিডিঅ'ত ভাৰতীয় মূলৰ হিন্দুসকলক ভাবুকি দিয়াৰ লগতে তেওঁলোকক কানাডা এৰি যাবলৈ কৈছে । এই ভাইৰেল ভিডিঅ'টোৰ পাছতে কানাডাৰ বিৰোধী নেতা পিয়েৰ পয়লিয়েভৰে কানাডাত হিন্দুসকলক লক্ষ্য কৰি কৰা ঘৃণনীয় মন্তব্যক গৰিহণা দিছে । তেওঁ কয় যে হিন্দুসকলে কানাডাৰ প্ৰতিটো ক্ষেত্ৰলৈ যথেষ্ট অৱদান আগবঢ়াইছে আৰু হিন্দু সম্প্ৰদায়ক কানাডাত সদায় আদৰণি জনোৱা হয় । পয়লিয়েভৰে লগতে কয় যে প্ৰতিগৰাকী কানাডিয়ানে দেশখনত নিৰ্ভয়ে জীয়াই থকাৰ যোগ্য ।

এক্সৰ এটা পোষ্টত তেওঁ কয় যে প্ৰতিগৰাকী কানাডিয়ানে দেশখনত নিৰ্ভয়ে থাকিব বিচাৰে আৰু তেওঁলোকৰ সমাজত বিশেষ স্থান আছে । শেহতীয়া দিনবোৰত কানাডাত হিন্দুসকলক লক্ষ্য কৰি ঘৃণনীয় মন্তব্য কৰা দেখা গৈছে । যাৰ বাবে তেওঁ হিন্দু চুবুৰীয়া আৰু বন্ধুবৰ্গৰ বিৰুদ্ধে এই মন্তব্যবোৰক গৰিহণা দিয়ে ।

ইফালে, কানাডাৰ নিউ ডেম'ক্ৰেটিক পাৰ্টিৰ নেতা জগমিত সিঙে এক্সৰ জৰিয়তে কানাডাৰ সকলো হিন্দুক সম্বোধন কৰে । তেওঁ কয় যে এয়া হিন্দুসকলৰ ঘৰ আৰু তেওঁলোকে ইয়াত থাকিব পাৰে । দুয়োগৰাকী নেতাৰ এই প্ৰতিক্ৰিয়া দুয়োখন দেশৰ সম্পৰ্কৰ অৱনতি হোৱাৰ মাজতে আহিছে । ইফালে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে দাবী কৰিছে যে বহু সপ্তাহ পূৰ্বে খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰৰ হত্যা সম্পৰ্কে বিশ্বাসযোগ্য অভিযোগ নতুন দিল্লীক অৱগত কৰা হৈছিল ।

উল্লেখ্য যে শেহতীয়াকৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰিছিল যে হৰদীপ সিং নিজ্জাৰক হত্যাৰ আঁৰত ভাৰত আছিল । ভাৰতে ট্ৰুডোৰ অভিযোগ প্ৰত্যাখ্যান কৰে আৰু সেইবোৰ অযৌক্তিক বুলি অভিযোগ কৰে । আনহাতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় নাগৰিক, কানাডাৰ শিক্ষাৰ্থী আৰু কানাডা ভ্ৰমণৰ পৰিকল্পনা কৰা সকলক সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে ।

লগতে পঢ়ক :Canada India row : নিজ্জাৰ হত্যাত ভাৰতীয় এজেণ্ট জড়িতৰ প্ৰমাণ ভাৰতৰ সৈতে শ্বেয়াৰ কৰা হৈছে- প্ৰধানমন্ত্ৰী জাষ্টিন

For All Latest Updates

ABOUT THE AUTHOR

...view details