নেশ্যনেল ডেস্ক,২০ অক্টোবৰ :কূটনৈতিক সম্পৰ্ক পুনৰ শক্তিশালী কৰাৰ বাবে ভাৰত আৰু কানাডাই প্ৰচেষ্টা অব্যাহত ৰাখিছে । দুয়োখন দেশৰ মাজত কূটনৈতিক পৰ্যায়ত বৈঠকো অনুষ্ঠিত হৈছে । কিন্তু ইয়াৰ মাজতে কানাডাই তেওঁলোকৰ নাগৰিকসকলৰ বাবে এক পৰামৰ্শ জাৰি কৰিছে । কানাডিয়ান নাগৰিকসকলক সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ দিছে দেশখনে । আনহাতে, কূটনৈতিক কৰ্মচাৰী হ্ৰাস হোৱাৰ পৰিপ্ৰেক্ষিতত মুম্বাই, চণ্ডীগড় আৰু বেংগালুৰুত কানাডিয়ান কনচুলাৰ সেৱা স্থগিত ৰখা হৈছে । কানাডাৰ এই পৰামৰ্শৰ পাছতে ভাৰত আৰু কানাডাৰ মাজৰ কূটনৈতিক উত্তেজনা পুনৰ বৃদ্ধি পাইছে ।
ইফালে কানাডাই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে ভাৰতত তেওঁলোকৰ কূটনৈতিক কৰ্মচাৰী হ্ৰাস কৰিছে । ইয়াৰ ঠিক পাছতে, কানাডাই ভাৰতত তেওঁলোকৰ নাগৰিকসকলক সতৰ্ক হ'বলৈ পৰামৰ্শ জাৰি কৰে আৰু আকৌ এবাৰ উচটনিৰ আশ্ৰয় লোৱা দেখা গৈছে । আনহাতে, কৰ্মচাৰী হ্ৰাস হোৱাৰ বাবে মুম্বাই, বেংগালুৰু আৰু চণ্ডীগড়ত সকলো ধৰণৰ ব্যক্তিগত সেৱা বন্ধ কৰি দিয়া হৈছে বুলিও ঘোষণা কৰা হৈছে ।
কানাডাই পৰামৰ্শত কৈছে যে শেহতীয়াকৈ সংঘটিত ঘটনাবোৰৰ পাছত ভাৰতত সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত কানাডাৰ তীব্ৰ বিৰোধিতা হৈছে । এনে পৰিস্থিতিত কানাডা বিৰোধী আন্দোলন বা প্ৰতিবাদৰো আশংকা কৰা হৈছে । কানাডিয়ানসকলক ভাবুকি দিয়া হ'ব পাৰে আৰু হাৰাশাস্তি কৰা হ'ব পাৰে । গতিকে সতৰ্ক কৰি দি কানাডাৰ নাগৰিকসকলক দিল্লী-এনচিআৰ এলেকাত সাৱধানে থাকিবলৈ আহ্বান জনাইছে । অচিনাকী লোকক যিকোনো ব্যক্তিগত তথ্য নিদিবলৈও কানাডাই পৰামৰ্শত কৈছে ।