নেশ্যনেল ডেস্ক,৩ জুলাই :মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিৱেশক লৈ বিভিন্ন মহলত চৰ্চা চলিছে । নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ বিদ্ৰোহক লৈও ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে । ইফালে এনচিপি আৰু দলৰ নেতা অজিত পাৱাৰকো বিভিন্ন বিৰোধী দলে সমালোচনা কৰিছে । অল ইণ্ডিয়া মজলিস-ই-ইত্তেহাদুল মুছলিমিন চমুকৈ এআইএমআইএমৰ নেতা ৱাৰিছ পাঠানে মহাৰাষ্ট্ৰত শিৱসেনা বিজেপি মিত্ৰজোঁটত যোগদান কৰাৰ বাবে অজিত পাৱাৰক তীব্ৰ সমালোচনা কৰে । পাঠানে দাবী কৰা মতে বিজেপি হৈছে এটা ৱাছিং মেচিন আৰু যিয়ে তালৈ যায় তেওঁলোকে তেওঁলোকৰ সকলো অপৰাধৰ পৰা ক্লিন চিট লাভ কৰে ।
পাঠানে কয় যে অজিত পাৱাৰে পুনৰ ফাড়নাভিছৰ ওচৰলৈ গৈছে । তেওঁৰ লগত ৩০ জন বিধায়কো আছে । তেওঁলোকে ক্ষমতাৰ বাবে যিকোনো কাম কৰিব পাৰে বুলিও অভিযোগ কৰে নেতাগৰাকীয়ে । ইফালে মহাৰাষ্ট্ৰত এনচিপি বিজেপিৰ 'বি' টীম হৈ পৰিছে বুলিও তেওঁ দাবী কৰে । পাঠানৰ মতে শৰদ পাৱাৰেও সম্ভৱত এইটোৱে বিচাৰিছিল ।
প্ৰধানমন্ত্ৰী মোডীয়ে দুদিন পূৰ্বে তেওঁৰ দলৰ কৰ্মীসকলক কৈছিল যে এনচিপি হৈছে আটাইতকৈ দুৰ্নীতিগ্ৰস্ত দল । তাৰ পাছত এনচিপিৰ নেতাই বিজেপি মিত্ৰজোঁটত যোগদান কৰিছে । ৱাৰিছ পাঠানে উদ্বেগ প্ৰকাশ কৰি কয় যে মহাৰাষ্ট্ৰৰ ৰাইজে এই সকলোবোৰ চাই আছে ।