নেশ্যনেল ডেস্ক, ২১ নৱেম্বৰ :বিতৰ্কিত তিনিখন কৃষি আইন বাতিল (Farm laws Repeal) কৰাৰ ঘোষণা কৰাৰ লগে লগে দেশৰ ভিন্ন প্ৰান্তত আনন্দৰ উল্লাহ দেখিবলৈ পোৱা গৈছে । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (Prime Minister Narendra Modi) সিদ্ধান্তক বহুতে প্ৰশংসা কৰাও দেখা গৈছে । শাসকীয় দলৰ লগতে বিভিন্ন দলৰ নেতাসকলেও প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে ।
ইয়াৰ মাজতে বিৰোধী দল কংগ্ৰেছৰ শাসনত থকা ৰাজস্থানৰ ৰাজ্যপাল কলৰাজ মিশ্ৰাই (Rajasthan Governor Kalraj Mishra) প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰী মোডীক । তেওঁ উল্লেখ কৰা মতে পূৰ্বে কৃষকসকলে এই আইন বাতিলৰ বাবে চৰকাৰী পক্ষক বহুবাৰ আহ্বান জনাইছিল । কিন্তু সেইবোৰ ফলপ্ৰসূ হৈ উঠা নাছিল । যাৰ বাবে কৃষকসকলে আন্দোলন অব্যাহত ৰাখিছিল ।
সেয়ে চৰকাৰে লোৱা কৃষি আইন বাতিলৰ সিদ্ধান্তটো উচিত বুলি মন্তব্য কৰে ৰাজ্যপালগৰাকীয়ে । তেওঁ লগতে আশংকা ব্যক্ত কৰি কয় যে প্ৰয়োজন সাপেক্ষে এই আইন পুনৰ আনিব পাৰে চৰকাৰে কিন্তু বৰ্তমান কেন্দ্ৰীয় চৰকাৰে সঠিক পদক্ষেপ লৈছে বুলি প্ৰকাশ কৰে ৰাজ্যপাল কলৰাজ মিশ্ৰাই ।
আনহাতে, উন্নাও সমষ্টিৰ সাংসদ সাক্ষী মহাৰাজেও (MP Sakshi Maharaj) কয় যে 'পাকিস্তান জিন্দাবাদ' আৰু 'খালিস্তান জিন্দাবাদ' শ্ল'গান দিয়া সকলৰ কু-পৰিকল্পনাৰ ওপৰত মোহৰ লগাই মোডী চৰকাৰে এই তিনি কৃষি আইন বাতিলৰ ঘোষণা কৰিলে । তেওঁ লগতে কয় যে কৃষি আইন প্ৰত্যাহাৰৰ সিদ্ধান্তৰ সৈতে উত্তৰ প্ৰদেশৰ আগন্তুক নিৰ্বাচনৰ কোনো সম্পৰ্ক নাই । তেওঁ দৃঢ়তাৰে কয় যে উত্তৰ প্ৰদেশত আহি থকা বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৩০০তকৈও অধিক আসন লাভ কৰিব ।
লগতে পঢ়ক :Rajasthan Cabinet reshuffle : ১৫ গৰাকী নতুন মন্ত্ৰীৰ শপত গ্ৰহণ