অসম

assam

ETV Bharat / bharat

ইজৰাইলৰ দূতাবাসৰ কাষত বিস্ফোৰণ; সুকলমে আছে সকলো বিষয়া-কৰ্মচাৰী - ইজৰাইলৰ দূতাবাসৰ নিৰাপত্তা কটকটীয়া

Blast near Israeli embassy: দিল্লীত ইজৰাইলৰ দূতাবাসৰ নিচেই কাষতে সংঘটিত হয় বোমা বিস্ফোৰণ ৷ বিস্ফোৰণৰ পূৰ্বে এক অচিনাকী নম্বৰৰ পৰা আহিছিল ভাবুকি ৷

Blast call near Israeli embassy
দিল্লীত ইজৰাইলৰ দূতাবাসৰ নিচেই কাষতে সংঘটিত হ’ব বোমা বিস্ফোৰণ

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 9:51 PM IST

Updated : Dec 26, 2023, 10:17 PM IST

নেশ্যনেল ডেস্ক, 26 ডিচেম্বৰ : দিল্লীত বোমা বিস্ফোৰণ ৷ শেহতীয়া খবৰ অনুসৰি, মঙলবাৰে সন্ধিয়া নতুন দিল্লীৰ ইজৰাইল দূতাবাসৰ সমীপতে সংঘটিত হয় এক বিস্ফোৰণ ৷ অৱশ্য দূতাবাসটোৰ সকলো বিষয়া-কৰ্মচাৰী সুকলমে আছে বুলি স্পষ্ট কৰি দিছে দূতাবাস কৰ্তৃপক্ষই ৷

ইজৰাইলৰ দূতাবাসৰ কাষত বিস্ফোৰণ সংঘটিত কৰাৰ ধমক

ইজৰাইল দূতাবাসৰ ভাৰতস্থ ডেপুটি চীফ অফ দ্য মিছন ওহাদ নাকাছ কায়নাৰে ইটিভি ভাৰতৰ আগত সদৰী কৰে যে আজি সন্ধিয়া প্ৰায় ৫ বজাত দূতাবাসৰ সমীপত এই বিস্ফোৰণটো সংঘটিত হয় । অৱশ্যে দিল্লী আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ দলে পৰিস্থিতি নিৰীক্ষণ কৰি আছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে এটা অচিনাকী নম্বৰৰ পৰা আহিল এক ৰহস্যজনক ফোনকল ৷ যিকোনো মুহূৰ্ততে দিল্লীত বিস্ফোৰণ হ’ব পাৰে ভাবুকি দিয়া হৈছিল ৷ দিল্লীত ইজৰাইলৰ দূতাবাসৰ নিচেই কাষতে এই বিস্ফোৰণ সংঘটিত হ’ব বুলি আহিছিল ফোন কলটো ৷

দিল্লীত ইজৰাইলৰ দূতাবাসৰ নিচেই কাষতে সংঘটিত হ’ব বোমা বিস্ফোৰণ

এই বিস্ফোৰণ সংঘটিত হোৱাৰ বাতৰিক কেন্দ্ৰ কৰি এক চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত ৷ ইফালে এই বিস্ফোৰণৰ তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী, পিচিআৰ আৰু অন্যান্য নিৰাপত্তা সংস্থাৰ দল উপস্থিত হয় । বহু তদন্তৰ অন্ততো বাতৰি যুগুত কৰা পৰলৈকে লাভ কৰা নাই তথ্য । কোনে ক’ৰ পৰা ফোন কৰিছিল সেই সন্দৰ্ভতো কোনো তথ্য পোহৰলৈ অহা নাই ৷ ইতিমধ্যে আৰক্ষীৰ দলে সমগ্ৰ অঞ্চল ঘেৰাও কৰি ৰাখিছে ।

ইপিনে বিভাগীয় বিষয়া বা আৰক্ষীৰ ফালৰ পৰাও কোনো মন্তব্য প্ৰদান কৰা নাই ৷ অৱশ্যে ঘটনাস্থলীত দিল্লী আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত হৈছে বুলি জানিব পৰা গৈছে । শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, দিল্লী আৰক্ষীৰ কেইবাটাও দলক ঘটনাৰ তদন্তৰ বাবে নিয়োজিত কৰা হৈছে ৷ এই বিষয়টোৰ প্ৰতিটো কোণৰ পৰা তদন্ত চলি আছে ।

মন কৰিবলগীয়া যে, বৰ্তমান চৰ্চাত আছে ইজৰাইল আৰু হামাছৰ প্ৰসংগ । ইয়াৰ সন্দৰ্ভত ইতিমধ্যে ইজৰাইলৰ দূতাবাসৰ নিৰাপত্তা কটকটীয়া কৰা হৈছে । এনে পৰিস্থিতিত বিস্ফোৰণ সংঘটিত কৰাৰ পাচতে আৰক্ষী আৰু অন্যান্য নিৰাপত্তা সংস্থাক অধিক সতৰ্ক হৈ পৰিছে ৷

লগতে পঢ়ক :12 বছৰজোৰা এক প্ৰক্ৰিয়া সফল সমাপ্তিৰ দিশে; 29 ডিচেম্বৰত স্বাক্ষৰিত হ’ব আলফা-ভাৰত চৰকাৰৰ মাজত শান্তি চুক্তি

Last Updated : Dec 26, 2023, 10:17 PM IST

ABOUT THE AUTHOR

...view details