নেশ্যনেল ডেস্ক, 7জুলাই:ন্যায়পালিকাক বদনাম কৰাৰ বাবে পৰিকল্পনা কৰাৰ অভিযোগত কলিকতা উচ্চ ন্যায়ালয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ওপৰত পাঁচ লাখ টকাৰ জৰিমনা আৰোপ কৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, বেনাৰ্জীয়ে তেওঁৰ নন্দীগ্ৰাম গোচৰৰ পৰা ন্যায়াধীশ কৌশিক চন্দাক অব্যাহতি দিয়াটো বিচাৰিছিল ৷
ভাৰতীয় জনতা পাৰ্টী (BJP)ৰ সৈতে চন্দাৰ সম্পৰ্ক আছে বুলি অভিযোগ উত্থাপিত হোৱাৰ পাচতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ন্যায়াধীশগৰাকীক তেওঁ আবেদন কৰা গোচৰৰ পৰা আঁতৰোৱাৰ আহ্বান জনাইছিল ৷ বিজেপিৰ সৈতে ন্যায়াধীশগৰাকীৰ সম্পৰ্ক আছে বুলি বেনাৰ্জীয়ে অভিযোগ কৰাৰ পাচতে ন্যায়াধীশ কৌশিক চন্দাই বেনাৰ্জীৰ কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈও অস্বীকাৰ কৰে ৷
পশ্চিমবংগ বিধানসভাৰ বিৰোধী দলৰ নেতা শুভেন্দু অধিকাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে এক নিৰ্বাচনী আবেদন কৰিছিল ৷ জানিব পৰা মতে, ব্যক্তিগত কাৰণ দৰ্শাই ন্যায়াধীশ কৌশিক চন্দাই নিজকে গোচৰটোৰ পৰা আঁতৰাই ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিশোধ কৰিবলগীয়া জৰিমনা ক'ভিড-19ৰ দ্বাৰা প্ৰভাৱিত অধিবক্তাসকলৰ বাবে ব্যৱহাৰ কৰা হ'ব বুলি জানিব পৰা গৈছে ৷