অসম

assam

ETV Bharat / bharat

Abhishek Banerjee : অভিষেক বেনাৰ্জীক CBI-EDক জেৰাৰ অনুমতি; সময় অপচয়ৰ বাবে 50 লাখ জৰিমনা - West Bengal recruitment scandal

পশ্চিমবংগৰ তৃণমূল সাংসদ অভিষেক বেনাৰ্জীৰ মূৰৰ ওপৰত সংকটৰ ক'লীয়া ডাৱৰ ! বৃহস্পতিবাৰে কলিকতা উচ্চ ন্যায়ালয়ে শিক্ষক নিযুক্তি কেলংকাৰী সম্পৰ্কীয় গোচৰত অভিষেক বোনাৰ্জীক জেৰাৰ অনুমতি দিয়ে চিবিআই আৰু ইডিক (Calcutta HC on interrogate Abhishek Banerjee) । লগতে আদালতৰ সময় অপচয় কৰাৰ বাবে আন এজন অভিযুক্তৰ সৈতে তেওঁক ৫০ লাখ টকাৰ জৰিমনা বিহে ।

Calcutta HC on Abhishek Banerjee
Calcutta HC on Abhishek Banerjee

By

Published : May 18, 2023, 7:10 PM IST

নিউজ ডেস্ক, ১৮ মে' : তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ (TMC general secretary Abhishek Banerjee) ওপৰত মোক্ষম আঘাত । এক গুৰুত্বপূৰ্ণ ৰায়ত কলিকতা উচ্চ ন্যায়ালয়ে প্ৰৱৰ্তন সঞ্চালকালয় (Enforcement Directorate, ED) আৰু কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোক (Central Bureau of Investigation, CBI) তৃণমূল কংগ্ৰেছৰ সাংসদকগৰাকীক জেৰাৰ অনুমতি প্ৰদান কৰে (Calcutta High Court verdict on Abhishek Banerjee) । কেৱল সিমানেই নহয়, আদালতৰ সময় অপচয় কৰাৰ বাবে তেওঁক বুজন পৰিমাণৰ জৰিমনাও বিহা হয় ।

অভিজিত গাংগুলীৰ স্থানত গোচৰটোৰ দায়িত্ব লোৱা ন্যায়াধীশ অমৃতা সিনহাই এই ৰায় প্ৰদান কৰি অভিষেক বেনাৰ্জী আৰু তৃণমূল কংগ্ৰেছৰ বহিষ্কৃত নেতা কুন্তল ঘোষক প্ৰত্যেককে ২৫ লাখ টকাকৈ জৰিমনা প্ৰদানৰ নিৰ্দেশ দিয়ে (Abhichek Banerjee fined by Calcutta HC) । উল্লেখ্য, কুন্তল ঘোষৰ বিৰুদ্ধে চাকৰি প্ৰাৰ্থীৰ পৰা নিযুক্তিৰ প্ৰতিশ্ৰুতি দি ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছিল ।

গোচৰটো বহিষ্কৃত তৃণমূল নেতা কুন্তল ঘোষৰ এখন পত্ৰক কেন্দ্ৰ কৰি চলি আছিল । উক্ত পত্ৰখনত কুন্তল ঘোষে অভিযোগ কৰিছিল যে তেওঁক অভিষেক বেনাৰ্জীক নিযুক্তি কেলেংকাৰীত (West Bengal recruitment scandal) জড়িত কৰিবলৈ জোৰ কৰা হৈছিল । ঘোষে আৰু দাবী কৰিছিল যে এই বিষয়টোৰ বাবে তেওঁ শাৰীৰিক আক্ৰমণৰো সন্মুখীন হৈছিল ।

আনহাতে, অভিষেক বেনাৰ্জীয়ে শ্বাহিদ মিনাৰৰ মঞ্চৰ পৰা বক্তব্য ৰাখি অভিযোগ কৰিছিল যে কাৰাগাৰত বন্দী হৈ থকা কেইবাজনো ব্যক্তিয়ে তেওঁক জড়িত কৰিবলৈ চেষ্টা কৰি আছে । এই অভিযোগসমূহৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ন্যায়াধীশ অভিজিত গাংগুলীয়ে চিবিআই আৰু ইডিক প্ৰয়োজন হ'লে অভিষেক বেনাৰ্জীক জেৰা কৰিবলৈ নিৰ্দেশ দিয়ে, যাতে এই বিবৃতিবোৰৰ মাজত যিকোনো সম্ভাৱ্য সম্পৰ্ক নিশ্চিত কৰিব পাৰি (CBI ED to interrogate Abhishek Banerjee) ।

উল্লেখ্য, আদালতৰ আদেশক প্ৰত্যাহ্বান জনোৱাৰ বাবে অভিষেক বেনাৰ্জীয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল । অৱশ্যে উচ্চতম ন্যায়ালয়ে গোচৰটো কলিকতা উচ্চ ন্যায়ালয়লৈ ঘূৰাই পঠিয়ায় আৰু আন এখন বিচাৰপীঠক বিষয়টোৰ শুনানি ল'বলৈ আৰু তাৰ সমাধান কৰিবলৈ নিৰ্দেশ দিয়ে । পৰৱৰ্তী সময়ত অভিষেক বেনাৰ্জীয়ে প্ৰাথমিক শিক্ষক নিযুক্তি কেলেংকাৰী গোচৰৰ সন্দৰ্ভত জেৰাৰ পৰা অব্যাহতি বিচাৰি কলিকতা উচ্চ ন্যায়ালয়ত নতুনকৈ আবেদন দাখিল কৰে । বৃহস্পতিবাৰে ন্যায়াধীশ সিনহাই ন্যায়াধীশ গাংগুলীয়ে লোৱা পূৰ্বৰ সিদ্ধান্তকে বাহাল ৰাখে আৰু তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সচিব আৰু লোকসভাৰ সাংসদ হিচাবে কাৰ্যনিৰ্বাহ কৰি থকা অভিষেক বেনাৰ্জীৰ ওপৰত আৰোপ কৰা জৰিমনা বাহাল ৰাখে ।

লগতে পঢ়ক :Kiran Rijijus Controversial Comments : বিতৰ্কিত মন্তব্যৰ মূল্য ভৰিলে কিৰেণ ৰিজিজুৱে

ABOUT THE AUTHOR

...view details