নিউজ ডেস্ক, ২১ জুলাই :ভাৰতৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক (Draupodi Murmu new president of India) তেখেতৰ নতুন দিল্লীস্থিত বাসভৱনত উষ্ম অভিনন্দন জনায় কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । বৃহস্পতিবাৰে সন্ধিয়া কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীক (First citizen of India Draupodi Murmu) এখন ফুলাম অসমীয়া গামোচাৰে সম্ভাষণ জনোৱাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলবাসীৰ হৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে (Sarbananda Sonowal greets Draupodi Murmu) ৷
লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, "ভাৰতৰ ১৫তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা শ্ৰীমতী দ্ৰৌপদী মূৰ্মু ডাঙৰীয়ানীক আন্তৰিক অভিনন্দন জনাইছোঁ । আমাৰ মহান ৰাষ্ট্ৰখনৰ শীৰ্ষ পদবীলৈ প্ৰথমবাৰৰ বাবে এগৰাকী জনজাতীয় লোক নিৰ্বাচিত হোৱাৰ এই ঐতিহাসিক মুহূৰ্তত দেশবাসীৰ লগতে ময়ো গৌৰৱ আৰু আনন্দ অনুভৱ কৰিছোঁ । তেখেতৰ আগন্তুক কাৰ্যকাল গৌৰৱোজ্জ্বল আৰু সাফল্যমণ্ডিত হওক, তাৰেই কামনাৰে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।"