নেশ্যনেল ডেস্ক,২৯ আগষ্ট :ৰাখী বন্ধনক লৈ দেশজুৰি ব্যাপক প্ৰস্তুতি চলিছে । তাৰ মাজতে দৰিদ্ৰ মহিলাসকলৰ বাবে সুখবৰ । কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটে দৰিদ্ৰ মহিলাসকলক সকাহ দিয়াৰ উদ্দেশ্যে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে । কেবিনেটে এলপিজি চিলিণ্ডাৰৰ ওপৰত ২০০ টকাৰ ৰাজসাহায্যত অনুমোদন জনাইছে । ইয়াৰ লগে লগে সকলো গ্ৰাহকে ২০০ টকা সস্তাত গেছ চিলিণ্ডাৰ লাভ কৰিব ।
কেবিনেটৰ সিদ্ধান্ত সম্পৰ্কে সংবাদ মাধ্যমক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে ৰাখী বন্ধনৰ প্ৰাকক্ষণত দেশৰ মহিলাসকলৰ বাবে উপহাৰ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।
ইয়াৰ পূৰ্বে ১ আগষ্টত তেল বিপণন কোম্পানীবোৰে বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ৯৯.৭৫ টকা হ্ৰাস কৰিছিল । সেই সময়ছোৱাত মূল্য হ্ৰাসৰ পাছত দিল্লীত বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য আছিল ১,৬৮০ টকা । অৱশ্যে, যোৱা মাহত ১৯ কিলোগ্ৰাম বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য অন্তিমবাৰ সংশোধন কৰা হৈছিল । অৱশ্যে, ৰাজ্যবোৰত কৰ বেলেগ বেলেগ হোৱাৰ বাবে এই মূল্য পৃথক ।