নেশ্যনেল ডেস্ক,৮ ছেপ্টেম্বৰ :যোৱা ৫ ছেপ্টেম্বৰত দেশৰ ৬ খন ৰাজ্যৰ ৭ টা বিধানসভা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হৈছিল । উক্ত ৭ টা সমষ্টি হৈছে ক্ৰমে উত্তৰাখণ্ডৰ বাগেশ্বৰ, উত্তৰ প্ৰদেশৰ ঘোচি, কেৰালাৰ পুথুপল্লী, পশ্চিমবংগৰ ধুপগুৰি, ঝাৰখণ্ডৰ ডুমৰী, ত্ৰিপুৰাৰ বাক্সানগৰ আৰু ধনপুৰ । ৬ খন ৰাজ্যৰ এই সমষ্টিকেইটাৰ উপ নিৰ্বাচনৰ ফলাফল শুকুৰবাৰে অৰ্থাৎ আজি ঘোষণা কৰা হ'ব ।
সংশ্লিষ্ট ৰাজ্যসমূহত স্থাপন কৰা কেন্দ্ৰসমূহত পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হৈছে । এই উপ নিৰ্বাচনৰ ফলাফল শাসক বিৰোধীৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে । শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন এন ডি এৰ বিৰুদ্ধে বিৰোধী মিত্ৰজোঁটৰ অগ্নিপৰীক্ষা হিচাপে দেখা গৈছে এই নিৰ্বাচনৰ ফলাফল । যাৰ প্ৰভাৱ আগন্তুক ৰাজ্যিক নিৰ্বাচন আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনত পৰিব বুলিও আশা কৰা হৈছে ।
কিছুমান সমষ্টিত, বিশেষকৈ উত্তৰ প্ৰদেশৰ ঘোচি আৰু ঝাৰখণ্ডৰ ডুমৰীত বিৰোধী মিত্ৰজোঁটৰ এক ঐক্যবদ্ধ মৰ্চা দেখা গৈছে । এই ৭ টা সমষ্টিৰ ভিতৰত ৩ টা পূৰ্বে বিজেপিৰ দখলত আছিল আৰু সমাজবাদী পাৰ্টি, চিপিআই(এম), জেএমএম আৰু কংগ্ৰেছৰ হাতত এটাকৈ সমষ্টি আছিল । সমাজবাদী পাৰ্টিৰ বিধায়ক দাৰা সিং চৌহানৰ পদত্যাগৰ পাছত উত্তৰ প্ৰদেশৰ ঘোচি আসনখন খালী হৈ পৰে ।
২.৯৮ লাখ ভোটাৰৰ প্ৰায় ৬৪.৮৪ শতাংশই মঙলবাৰে ঝাৰখণ্ডৰ ডুমৰী বিধানসভাৰ উপ-নিৰ্বাচনত ভোটদান কৰে । নিৰ্বাচন আয়োগৰ এগৰাকী বিষয়াৰ মতে ভোটদানৰ হাৰ ২০১৯ চনতকৈ কিছু কম আছিল । সমষ্টিটোৰ পৰা ৩ গৰাকী নিৰ্দলীয়সহ ৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ।
পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ ধুপগুৰি বিধানসভাৰ উপ-নিৰ্বাচনত সন্ধিয়া ৭ বজালৈকে প্ৰায় ৮০ শতাংশ ভোটদান সম্পন্ন হৈছিল । নিৰ্বাচনী বিষয়াৰ মতে বিধানসভা সমষ্টিটোত ২.৬ লাখ ভোটাৰ আছে । অনুসূচীত জাতিৰ বাবে সংৰক্ষিত ধূপগুৰি বিধানসভা সমষ্টিত প্ৰায় ৫০ শতাংশ ৰাজবংশী আৰু ১৫ শতাংশ সংখ্যালঘু লোক আছে । বিজেপিয়ে ২০২১ চনৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনত তৃণমূলৰ হাতৰ পৰা এই আসনখন কাঢ়ি লৈছিল ।