আমি কলেষ্টেৰল হ্ৰাস কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰো যদিও সুফল নাপাওঁ, কিন্তু এতিয়া টেনচন লোৱাৰ প্ৰয়োজন নাই, শেহতীয়াকৈ কৰা এক গৱেষণাৰ পৰা দেখা গৈছে যে আলমণ্ড, চয়া, দালি, মাহজাতীয় শস্য আৰু ষ্টেৰলকে ধৰি উদ্ভিদভিত্তিক খাদ্য সামান্য পৰিমাণে সেৱন কৰিলে হৃদৰোগ, ৰক্তচাপ, ট্ৰাইগ্লিচাৰাইড আৰু প্ৰদাহকে ধৰি কেইবাটাও ৰোগৰ আশংকা কম কৰিব পাৰে । গৱেষকসকলৰ মতে, এই আৰ্হিটোক পৰ্টফলিঅ’ ডায়েট বুলি জনা যায় আৰু ইয়াৰ ভিত্তি হৈছে ২০০০ কেলৰিযুক্ত খাদ্য (Heart Disease Plant Based Diet Benefits)।
উদ্ভিদভিত্তিক খাদ্যৰ উপকাৰিতা
কম কলেষ্টেৰলযুক্ত খাদ্যৰ লগতে উদ্ভিদ ভিত্তিক খাদ্য গ্ৰহণ কৰিলে কম ঘনত্বৰ লিপ’প্ৰ’টিন কলেষ্টেৰল ৩০ শতাংশ হ্ৰাস পোৱা দেখা গৈছে । ইয়াৰ উপৰিও গৱেষকসকলে এই খাদ্য গ্ৰহণৰ ফলত হাৰ্ট এটেককে ধৰি হৃদৰোগৰ সামগ্ৰিক সম্ভাৱনা ১৩ শতাংশ হ্ৰাস পোৱা বুলি গৱেষকসকলে প্ৰকাশ কৰিছে ।
গৱেষণাত ডাঙৰ প্ৰকাশ
কানাডাৰ টৰন্টো বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক সহ-লেখক জন ছিভেনপাইপাৰে কয় যে, ‘আমি জানো যে পৰ্টফলিঅ’ ডায়েটে এল ডি এল কলেষ্টেৰল হ্ৰাস কৰে, কিন্তু ই আৰু কি কৰিব পাৰে তাৰ স্পষ্ট ছবি আমাৰ হাতত নাছিল (Plant Based Diet)।