নিউজ ডেস্ক, 20 জানুৱাৰী :দীৰ্ঘ সময় অপেক্ষাৰ অন্তত অৱশেষত 2021 বৰ্ষৰ আৰম্ভণিতে ক'ভিড-19 ৰ ভেকচিন অনুমোদন জনোৱাটো দেশবাসীৰ বাবে ইতিবাচক খবৰ ৷ ইতিমধ্যে, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে ভাৰতবৰ্ষত প্ৰস্তুত কৰা দুটা ভেকচিন জৰুৰীকালীন অৱস্থাত ৰোগীৰ দেহত প্ৰয়োগ কৰিবলৈ অনুমতি প্ৰদান কৰিছে ৷ চৰকাৰে অনুমোদন জনোৱা ভেকচিন দুবিধ হল- কোভিশ্বিল্ড আৰু কোভেক্সিন ৷ ইফালে, চৰকাৰে ভেকচিন দুবিধ ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰাৰ পৰাই সাধাৰণ ৰাইজে পুনৰ আগৰ অৱস্থালৈ ঘুৰি আহিব পাৰিব বুলি এক প্ৰকাৰ ৰাইজৰ মাজত আনন্দ-উল্লাস কৰা পৰিলক্ষিত হৈছে ৷
আনহাতে, চৰকাৰে অনুমতি প্ৰদান কৰা ভেকচিন সন্দৰ্ভত দেশৰ বহুলোকৰ মাজত শেহতীয়াকৈ কিছু বিভ্ৰান্তি দেখা পোৱা পৰিলক্ষিত হৈছে ৷ জনসাধাৰণৰ মাজত দেখা দিয়া বিভ্ৰান্তি সমূহ আঁতৰ কৰাৰ বাবে ইটিভি ভাৰতৰ সুখীভৱ দলে য়শোদা চিকিৎসালয়ৰ সাধাৰণ ৰোগ বিশেষজ্ঞ ডঃ এম ভি ৰাওৰ সৈতে বাৰ্তালাপ কৰিছিল ৷ তেখেতৰ সৈতে হোৱা বাৰ্তালাপত ক'ভিড-19 ভেকচিন সন্দৰ্ভত বহুতো গুৰুত্বপূৰ্ণ কথা অৱগত কৰিছিল ৷
1. ক'ভিড-19 ৰ ভেকচিন সকলো শ্ৰেণীৰ লোকে লোৱাটো বাধ্যতামূলক নেকি ?
উঃ ক'ভিড-19 ৰ ভেকচিন সকলো শ্ৰেণীৰ লোকে লোৱাটো বাধ্যতামূলক নহয় ৷ যিসকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল বুলি ভাবে সেই সমূহ লোকে ভেকচিন লোৱাটো জুৰুৰী ৷
2, যদিহে কোনোবা ব্যক্তিক টীকা প্ৰদান কৰা নহয় তেতিয়াহলে সেইজন ব্যক্তিৰ ক্ষেত্ৰত কি হ'ব পাৰে ?
উঃক'ভিডৰ টীকা নললেও কোনাবা এজন ব্যক্তি সুস্থ হৈ থাকিব পাৰে ৷ যিহেতু ভাইৰাছবিধ সলনি হৈ থাকে গতিকে ই যিকোনো ধৰণৰ অস্বাভাৱিক পৰিস্থিতিলৈ লৈ যাব পাৰে, বিশেষকৈ অতি বয়োজেষ্ঠ লোক, মধুমেহ ৰোগী, কৰ্কট ৰোগী বা আন জটিল ৰোগী সকলৰ ক্ষেত্ৰত । সেয়েহে ক'ভিড ভেকচিনে লোৱাটো প্ৰয়োজনীয় ৷
3. যদিহে কোনোবা লোক শেহতীয়াকৈ ক'ভিড-19 ত আক্ৰান্ত হৈছে তেতিয়াহলে তেওঁক টীকা প্ৰদান কৰাটো জুৰুৰী নেকি?
উঃ নহয়, ব্যক্তিজনৰ দেহত ধৰা পৰা লক্ষণ সমূহৰ ওপৰত ভিত্তি কৰি তেওঁক ক'ভিড টীকা প্ৰদান কৰাটো জুৰুৰী ৷ লোকজনে ভাইৰাছত আক্ৰান্ত হোৱাৰ পিচত তেওঁক প্ৰায় 4-8 সপ্তাহ চিকিৎসকে নিৰীক্ষণ কৰাৰ পিচত তেওঁৰ লক্ষণৰ ওপৰত ভিত্তি কৰি টীকা প্ৰদান কৰা উচিত ৷ কেতিয়াবা এনেকুৱা হয় যে, কোনোবা লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ইমানে শক্তিশালী যে তেওঁক টীকাৰ প্ৰয়োজনেই নহয় ৷
4. এজন ব্যক্তিক কিমান ভেকচিনৰ প্ৰয়োজন ?
উঃ এজন ব্যক্তিৰ দেহত 2 টা ভেকচিনৰ প্ৰয়োজন হয় ৷ এটা ভেকচিন প্ৰদান কৰাৰ প্ৰায় 28 দিন পিচত পুনৰ আন এটা ভেকচিন ব্যক্তিজনৰ দেহত প্ৰয়োগ কৰা হয় ৷
5. এজন ব্যক্তিক ক'ভিড-19 ৰ ভেকচিন প্ৰদান কৰাৰ পিচত সেই ব্যক্তিজনে অন্য কোনো ধৰণৰ ঔষধ লব পাৰে নে ?
উঃটীকা লোৱাৰ পিচতো ব্যক্তিজনে সাধাৰণ ঔষধ লব পাৰে কিন্তু ব্যক্তিজন যদিহে জটিল ৰোগত আক্ৰান্ত হয় তেতিয়াহলে তেওঁ সেই ৰোগৰ ঔষধ লোৱাৰ ক্ষেত্ৰত বাধ্যবাধকতা আছে ৷
6. যদিহে কোনোবা লোকৰ দেহৰ পৰা আভ্যন্তৰীণ অংগৰ সালসলনি কৰা হয় তেতিয়াহলে সেই লোকজনে ক'ভিড টীকা লব পাৰিব নে নাই ?
উঃ যহিদে কোনোবা লোকৰ আভ্ৰন্তৰীণ অংগ সালসলনি কৰা হৈছে তেনেকুৱা লোকে ক'ভিড টীকা নোলোৱাটোৱে শ্ৰেয় ৷ লগতে, তেওঁ ততালিকে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত ৷
7. গৰ্ভৱতী আৰু দুগ্ধপান কৰোৱা মহিলাই ক'ভিড ভেকচিন লব পাৰে নে ?