নেশ্যনেল ডেস্ক, 10 অক্টোবৰ:দেওবাৰে নিশা উত্তৰ প্ৰদেশৰ বৰেইলী জিলাৰ পেট্ৰ’ল পাম্পত লক্ষ্ণৌৰ এজন ব্যৱসায়ীক পেট্ৰ’ল পাম্পৰ এজন বিক্ৰেতাই গুলীয়াই হত্যা কৰে । ব্যৱসায়ীজনৰ অৰবিন্দ দ্বীৱেদী (৪২) বুলি জানিব পৰা গৈছে ৷ তথ্য অনুসৰি জানিব পৰা মতে, বন্ধুৰ সৈতে মোৰাদাবাদৰ পৰা লক্ষ্ণৌলৈ উভতি অহাৰ সময়তে পেট্ৰ’ল ভৰাবলৈ কেছাৰপুৰৰ পেট্ৰ’ল পাম্পত ৰখাইছিল তেওঁলোকৰ বাহন । কিন্তু পেট্ৰ’ল পাম্পৰ বিক্ৰেতাজনে নিশা ১১ বজাৰ পিছত পেট্ৰ’ল দিবলৈ অস্বীকাৰ কৰে (Businessman shot dead at petrol pump in UP)।
ইয়াকে লৈ দুয়োৰ মাজত সৃষ্টি হয় বাক বিতণ্ডা ৷ বাক বিতণ্ডাৰ পৰিণতিত পেট্ৰ’ল পাম্পৰ বিক্ৰেতাজনে ব্যৱসায়ীজনক বন্দুকৰে গুলীয়াই সেই স্থানৰ পৰা পলায়ন কৰে । ততাতৈয়াকৈ দ্বিৱেদীক চি এইচ চি হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে । ব্যৱসায়ীজনৰ লগত সেই সময়ত উপস্থিত থকা তেওঁৰ বন্ধু শুভম বাজপেয়ীয়ে ততাতৈয়াকৈ ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে ৷