নেচনেল ডেস্ক, 7 জুন:দেশত মহামাৰী কৰ’ণাৰ দ্বিতীয় ঢৌৱে দীৰ্ঘদিন ধৰি জনজীৱন বিধস্ত কৰি ৰখাৰ পাচত ক্ৰমাৎ ক’ভিড-19 পৰিস্থিতি সুষ্ঠিৰ হোৱাৰ দিশে গতি কৰিছে ৷ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ঠায়ে ঠায়ে পৰ্যায়ক্ৰমে আৰম্ভ হ'বলৈ ধৰিছে আনলক প্ৰক্ৰিয়া ৷ দেশৰ বাণিজ্যিক ৰাজধানী মুম্বাইত সোমবাৰৰ পৰা আনলক প্ৰক্ৰিয়াৰ সিদ্ধান্ত লোৱা হৈছে ৷
বিইএছটি(Brihanmumbai Electric Supply and Transport) এ জনোৱা অনুসৰি সোমবাৰৰ পৰা মুম্বাইত স্থানীয় বাছ সেৱা পুনৰ আৰম্ভ হ'ব ৷ প্ৰতিজন যাত্ৰীৰ বাবে ফেচ মাস্ক পিন্ধাটো বাধ্যতামূলক হ'ব লগতে যাত্ৰীৰ সংখ্যা যিকোনো বাছৰ মুঠ আসনৰ সংখ্যাতকৈ বেছি হব নোৱাৰিব ৷ তদুপৰি বৃহান মুম্বাই পৌৰ নিগম (Brihanmumbai Municipal Corporation)এ জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি, ৰেষ্টুৰেণ্টবোৰ 50 শতাংশ ক্ষমতাত আবেলি 4 বজালৈকে খোলা ৰাখিব পাৰিব ৷