নেশ্যনেল ডেস্ক, 4 জুলাই :হিমাচল প্ৰদেশৰ কুল্লুৰ চাইঞ্জ উপত্যকাৰ জংলাত সোমবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা(Bus accident in Sainj valley of Kullu) ৷ এই দুৰ্ঘটনাত এখন বাছ নিয়ন্ত্ৰণহীন হৈ বাগৰি পৰাৰ ফলত 10 জন লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে ।
আনহাতে, প্ৰশাসনৰ লোক ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা হৈছে । চাইঞ্জ উপত্যকাৰ শ্চেনশ্বৰৰ পৰা চাইঞ্জ অভিমুখে গৈ আছিল বাছখন । একে সময়তে, জাংলা নামৰ ঠাইত কেঁচি মোডত, বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই আৰু পথৰ তলৰ দ খাৱৈত বাগৰি পৰে ।