অসম

assam

ETV Bharat / bharat

Mumbai Building fire: মুম্বাইৰ বহুমহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড, ৭ লোক নিহত - অগ্নিনিৰ্বাপক বাহিনী

মুম্বাইৰ গোৰেগাঁও পশ্চিম অঞ্চলৰ এটা বহুমহলীয়া অট্টালিকাত শুকুৰবাৰে পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ এই অগ্নিকাণ্ডত 7 জন লোক নিহত আৰু 46 জন আহত হৈছে বুলি জানিব পৰা গৈছে ৷ এমজি ৰোডৰ জয় সন্দেশ এপাৰ্টমেণ্টত এই ঘটনা সংঘটিত হয় ৷

Goregaon Building fire
গোৰেগাঁৱৰ বহুমহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড, ৭ লোক নিহত

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 9:30 AM IST

নেশ্যনেল ডেস্ক, 6 অক্টোবৰ :মুম্বাইৰ গোৰেগাঁও পশ্চিম অঞ্চলৰ এটা বহুমহলীয়া অট্টালিকাত শুকুৰবাৰে পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাত এতিয়ালৈকে 7 জন লোক অগ্নিদগ্ধ হৈ মৃত্যু হোৱাৰ লগতে 46 জন লোক আহত হৈছে বুলি জানিব পৰা গৈছে ৷ এই ঘটনাৰ খবৰ লাভ কৰিয়েই কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হয় ৷ উদ্ধাৰকাৰী দলে জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে যদিও এতিয়াও জুই নুমুৱাবলৈ সক্ষম হোৱা নাই ৷ এতিয়ালৈ অগ্নিনিৰ্বাপক বাহিনীয়ে অট্টালিকাটোৰ পৰা 30 জন লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

যদিও অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷ আহতসকলক এইছ বি টি আৰু কুপাৰ চিকিৎসালয়ত চিকিৎসা কৰিবলৈ ভৰ্তি কৰা হৈছে ৷

ঘটনাৰ সবিশেষ তথ্য অনুসৰি, পুৱা প্ৰায় 3 বজাত জয় ভৱানী ভৱনৰ পাৰ্কিং লটত হঠাতে জুই লাগিছিল ৷ এই অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত প্ৰায় আঠখন অগ্নিনিৰ্বাপক বাহন উপস্থিত হয় আৰু জুই নুমুৱাবলৈ আৰম্ভ কৰে ৷ ইফালে, অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীসকলে ভৱনটোত আৱদ্ধ হৈ থকা প্ৰায় 30 জন লোকক উদ্ধাৰ কৰে ৷ এই অগ্নিকাণ্ডৰ সময়ত অট্টালিকাটোত বহু সংখ্যক লোক উপস্থিত আছিল ৷

ইফালে এই অগ্নিকাণ্ডৰ ঘটনা দেখি বহু লোকে অট্টালিকাটোৰ পৰা জঁপিয়াবলৈ চেষ্টা কৰাৰ ফলতো আঘাতপ্ৰাপ্ত হৈছে ৷ গুৰুতৰভাৱে আহতসকলৰ কিছু লোকক যোগেশ্বৰীৰ ট্ৰমা কেয়াৰ চিকিৎসালয়ত চিকিৎসাধীন কৰা হৈছে ৷ সম্প্ৰতি ঘটনাস্থলীত মুম্বাই আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীসকল উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে ৷ এই অগ্নিকাণ্ডৰ ফলত পাৰ্কিং লটত ৰখাই থোৱা প্ৰায় 30 খন বাহন জ্বলি ভস্মীভূত হৈ গৈছে ৷ অগ্নি নিৰ্বাপক বিভাগ আৰু স্থানীয় আৰক্ষীয়ে অগ্নিকাণ্ডৰ কাৰণ অনুসন্ধান কৰি আছে ৷

লগতে পঢ়ক:Sikkim flash floods update: তিস্তা নদীত উদ্ধাৰ ছিকিমত সন্ধানহীন ১৭ গৰাকী লোকৰ মৃতদেহ; ৮৫ জন এতিয়াও নিখোঁজ

ABOUT THE AUTHOR

...view details