নিউজ ডেস্ক, ১১ জানুৱাৰী :২০২৪ চনৰ সংসদৰ বাজেট অধিবেশন অহা ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব । আনহাতে, ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে অন্তৰ্ৱৰ্তীকালীন বাজেট উপস্থাপন কৰিব । এক সূত্ৰত এই কথা প্ৰকাশ । সুত্ৰ মতে, দুয়োখন সদনৰ অধিবেশন ৯ ফেব্ৰুৱাৰীলৈকে চলিব ।
উল্লেখ্য যে ৰাজ্যসভাৰ শীতকালীন অধিবেশন যোৱা ২১ ডিচেম্বৰত অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰখা হয় । সেই সময়ত ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে দুখ প্ৰকাশ কৰি কয় যে বিৰোধীয়ে সদনৰ কাৰ্যক্ৰম ব্যাহত কৰাৰ বাবে নিৰ্ধাৰিত সময়ৰ প্ৰায় ২২ ঘণ্টা হেৰুৱাবলগা হয় ।
ধনখৰৰ মতে, সদনে এই সময়ছোৱাত 14 খন বৈঠকত 65 ঘণ্টাৰ বাবে কাম-কাজ চলায় । উক্ত সময়ছোৱাত কোষাগাৰ আৰু বিৰোধী পক্ষৰ পৰা 2,300-তকৈও অধিক প্ৰশ্ন সোধা হয় । ইয়াৰ উপৰি 4,300 খন কাগজ-পত্ৰ তালিকাভুক্ত কৰা হয় ।
আনহাতে, উচ্চ সদনত 46 জন সাংসদক 'উচ্ছৃংখল আচৰণ আৰু অসদাচৰণ'ৰ বাবে নিলম্বন কৰা হয় । লগতে উচ্চ সদনে জম্মু-কাশ্মীৰ সম্পৰ্কীয় বিধেয়ক, নিৰ্বাচন আয়ুক্ত নিযুক্তি, টেলিকম খণ্ড আৰু অপৰাধী ন্যায় ব্যৱস্থাকে ধৰি মুঠ 17 খন বিধেয়ক গৃহীত কৰে ।
একেদৰে লোকসভাও ২১ ডিচেম্বৰত স্থগিত ৰখা হয় । এই সময়ছোৱাত সদনৰ নিৰাপত্তা উলংঘন, ১৪০ জনতকৈ অধিক সাংসদক নিলম্বন আৰু তৃণমূল সাংসদ মহুৱা মৈত্ৰক 'ধনৰ বিনিময়ত প্ৰশ্ন' কেলেংকাৰীত বহিষ্কাৰ কৰা হয় ।