নেশ্যনেল ডেস্ক, 31 জানুৱাৰী : আজিৰে পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিৱেশন । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণেৰে আৰম্ভ হ’ব এই বাজেট অধিৱেশনৰ (President Droupadi Murmu) ৷ উচ্চ-নিম্ন উভয় সদনৰ যৌথ অধিৱেশনত আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশন । মুৰ্মুৰ প্ৰথম ভাষণত মূলতঃ চৰকাৰৰ কৃতিত্ব, সফলতা আৰু নীতিগত অগ্ৰাধিকাৰসমূহৰ ওপৰত আলোকপাত কৰাৰ সম্ভৱনা ৷
পুৱা ১১ বজাৰ পৰা আৰম্ভ হ’ব যৌথ বৈঠক ৷ বাজেট অধিবেশনত যৌথ বৈঠক সামগ্ৰিকভাৱে দুটা ভাগত ২৭ খন বৈঠক অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে । ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱ আৰু বিত্তীয় বিধেয়কত অনুমোদন লোৱাত চৰকাৰে প্ৰদান কৰিব বিশেষ অগ্ৰাধিকাৰ (Parliament Session Budget Session 2023) ।
বিৰোধীয়ে একাধিক বিষয়ত প্ৰথম দিনটোতেই সদন উত্তাল কৰাৰ সম্ভাৱনা আছে ৷ কেন্দ্ৰীয় চৰকাৰক দেশৰ জটিল সমস্যা সন্দৰ্ভত থকা-সৰকা কৰাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে । বিশ্বৰ অন্যতম ধনাঢ্যৰ তালিকাত থকা পুঁজিপতি গৌতম আদানীৰ জালিয়াতি উফৰায় দিয়া আমেৰিকাৰ এক ৰিচাৰ্জ গ্ৰুপ হিণ্ডেনবাৰ্গ সন্দৰ্ভতো বিৰোধীয়ে সদনত প্ৰশ্ন উত্থাপন কৰাৰ সম্ভৱনা (Hindenburg Research report) ৷ তদুপৰি শেহতীয়া আদানী-হিণ্ডেনবাৰ্গ বিতৰ্ক সন্দৰ্ভতো বিৰোধীয়ে কেন্দ্ৰীয় চৰকাৰক কৰিব কঠোৰ প্ৰশ্নবাণ (Budget 2023) ৷
ইয়াৰেপৰি, গৌতম আদানী আকু হিণ্ডেনবাৰ্গৰ বিবাদৰ ফলত ৰাজহুৱা খণ্ডৰ বেংক ব্যৱস্থা আৰু এল আই চিৰ ওপৰত পৰিব পৰা সম্ভাৱ্য প্ৰভাৱৰ বিষয়েও সদনত বিৰোধীয়ে উত্থাপন কৰিব প্ৰশ্ন ৷ বিবিচিয়ে প্ৰস্তুত কৰি উলিওৱা তথ্যচিত্ৰ ’India: The Modi Question’ নিষিদ্ধ কৰাৰ আঁৰৰ যুক্তি, দেশজুৰি জাতিভিত্তিক অৰ্থনৈতিক লোকপিয়লৰ দাবী আৰু মহিলা সংৰক্ষণ বিধেয়কৰ ওপৰত বিতৰ্ক আদিয়ে প্ৰথমদিনাৰ সদনত বিশেষ গুৰুত্ব লাভ কৰিব ।
বাজেট -
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত দাখিল কৰিব পঞ্চমখন বাজেট (Union finance minister Nirmala Sitharaman) । এইখন হ’ব পৰৱৰ্তী সাধাৰণ নিৰ্বাচনৰ পূৰ্বে মোডী চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ কেন্দ্ৰীয় বাজেট । ৰাষ্ট্ৰপতিৰ ভাষণৰ পিচত আজি অৰ্থনৈতিক জৰীপ দাখিল কৰা হ’ব ।