মঙলবাৰৰ পৰা আৰম্ভ হৈছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেট অধিবেশন । ৰাষ্ট্ৰপতিৰ ভাষণেৰে আৰম্ভ হোৱা বাজেট অধিবেশনত বুধবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত উত্থাপন কৰে তেওঁৰ চলিত কাৰ্যকালৰ অন্তিমখন বাজেট । বাজেটত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ দাঙি ধৰে (Union budget highlights) ।
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেও(FM Nirmala Sitharaman) এইবাৰৰ বাজেটত বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰণালয়ৰ বিশেষ গুৰুত্ব আৰোপ কৰিছে । মহান কথাটো হ’ল যোৱা বছৰৰ তুলনাত চৰকাৰে অতি বৃহৎ পৰিসৰত মন্ত্ৰালয়ৰ বাজেট বৃদ্ধি কৰিছে(Budget 2023)।
বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ে কিমান বাজেট পাইছে ?
চলিত বৰ্ষৰ বাজেটত চৰকাৰে বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰণালয়ক ১৬,৩৬১ কোটি টকা আবণ্টন দিছে । এই ধনৰাশি বিগত বৰ্ষত মন্ত্ৰণালয়ক আবণ্টন দিয়া ধনৰ তুলনাত ২০০০ কোটি টকা বেছি । তাৎপৰ্যপূৰ্ণভাৱে বিগত বৰ্ষৰ বাজেটত চৰকাৰে বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰণালয়ক ১৪,২১৭.৪৬ কোটি টকা দিছিল । কিন্তু এইবাৰ দেশৰ বিজ্ঞান-প্ৰযুক্তিৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি চৰকাৰে মন্ত্ৰালয়ক বাজেটত ব্যাপক বৃদ্ধি কৰিছে(Budget 2023 Research Science and Technology Department)।
প্ৰতিবেদন অনুসৰি বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ বাজেট বৃদ্ধি কৰা হৈছে যাতে কৃত্ৰিম বুদ্ধিমত্তাৰ(AI) দৰে এই ক্ষেত্ৰত কেন্দ্ৰ স্থাপন কৰি দেশখন আগবাঢ়ি যাব পাৰে ।