অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰাত স্বৰ্নিম বিজয় শিখাক বিপুল আদৰণি - Victory Flame

1971 চনৰ যুদ্ধত ভাৰতীয় সেনাই যি সাহসিকতা আৰু অসামান্য পাৰদৰ্শিতা প্ৰদৰ্শন কৰি বিজয় সাব্যস্ত কৰিছিল, সেই বিজয় ভৱিষ্যত প্ৰজন্মৰ বাবে চিৰকাললৈ অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব । পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিজয় আৰু বাংলাদেশৰ মুক্তিৰ ৫০ বছৰৰ স্মৃতিত আৰম্ভ কৰা এই স্বৰ্নিম বিজয় শিখা সম্প্ৰতি দেশৰ ভিন্ন প্ৰান্তলৈ লৈ যোৱা হৈছে ।

bsf-tripura-celebrates-swarnim-vijay-varsh-2021
ত্ৰিপুৰাত স্বৰ্নিম বিজয় শিখাক বিপুল আদৰণি

By

Published : Nov 8, 2021, 12:24 PM IST

আগৰতলা, 8 নৱেম্বৰ :1971 চনৰ যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে উল্লেখনীয় বিজয়ক স্মৰণ কৰি আৰু বীৰ সৈনিক-শ্বহীদৰ সাহস আৰু ত্যাগক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ভাৰতীয় সেনাই বৰ্ষজোৰা কাৰ্যসূচীৰে উদযাপন কৰিছে 'স্বৰ্নিম বিজয় বৰ্ষ' । ইয়াৰে অংশ হিচাপে শনিবাৰে পুৱা বি এছ এফৰ ত্ৰিপুৰা ফ্ৰণ্টিয়াৰৰ আই পি এছ বিষয়া তথা মহা পৰিদৰ্শক সুশান্ত কুমাৰ নাথে আগৰতলাত আয়োজিত এক আকৰ্ষণীয় অনুষ্ঠানত "স্বৰ্নিম বিজয় শিখাক" আদৰণি জনাই দেশৰ বাবে সৰ্বোচ্চ বলিদান আগবঢ়োৱা বীৰ সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

বি এছ এফৰ ত্ৰিপুৰা ফ্ৰণ্টিয়াৰৰ মহাপৰিদৰ্শক গৰাকীয়ে স্বৰ্নিম বিজয় শিখাক আদৰণি জনোৱাৰ পাছত সন্মানীয় "স্বৰ্নিম বিজয় শিখা"ক 57 মাউণ্টেইন আৰ্টিলাৰী ব্ৰিগেডক হস্তান্তৰ কৰে ৷ উল্লেখ্য যে, 1971 চনৰ যুদ্ধত ভাৰতীয় সেনাই অসামান্য পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছিল আৰু এখন নতুন ৰাষ্ট্ৰ "বাংলাদেশ" গঠনত অৱদান আগবঢ়াইছিল । এই যুদ্ধত জেনেৰেল আমিৰ আব্দুল্লাখান নিয়াজীৰ নেতৃত্বত 93,000 পাকিস্তানী সেনাই ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সন্মুখত আত্মসমৰ্পণ কৰিছিল ।

সীমান্ত সুৰক্ষা বাহিনীয়ে মুক্তিযোদ্ধাৰ প্ৰশিক্ষণ, আয়োজন আৰু সজ্জিতকৰণত বিশেষ অৱদান আগবঢ়াইছিল, যাক পিছলৈ মুক্তিবাহিনী বুলি জনা গৈছিল । পৰ্যায়ক্ৰমে ত্ৰিপুৰা ৰাজ্যৰ চিমনা, কাঠুলিয়া, বাগাফা, পাথাৰকান্দি, আশ্ৰমবাৰীত স্বেচ্ছাসেৱক মুক্তি যোদ্ধাক প্ৰশিক্ষণ দিয়াৰ বাবে পাঁচটা প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছিল ।

বি এছ এফ ত্ৰিপুৰা ফ্ৰণ্টিয়াৰে তেওঁলোকৰ সকলো অনুসাংগিক মুখ্য কাৰ্যালয় আৰু ক্ষেত্ৰ গঠনৰ সৈতে "বাংলাদেশ মুক্তি যুদ্ধ"ৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অতি উৎসাহেৰে 'স্বৰ্নিম বিজয় বৰ্ষ' উদযাপন কৰে । বন্ধুত্বৰ পুৰণি পৰম্পৰাগত প্ৰট’কলক শীৰ্ষত ৰাখি আৰু এই বিজয়ক স্মৰণ কৰি দুয়োটা সীমান্তত সীমান্ত সুৰক্ষা বাহিনীৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাৰ বাবে বাংলাদেশৰ বৰ্ডাৰ গাৰ্ডৰ সৈতে বি এছ এফে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰে ৷

লগতে পঢ়ক :ভাৰতীয় সেনাই আদৰিলে ১৯৭১ চনৰ পাকিস্তানৰ যুদ্ধৰ বিজয় শিখা

ABOUT THE AUTHOR

...view details