নেশ্যনেল ডেস্ক, 12 নৱেম্বৰ:সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলে পালন কৰিছে পোহৰৰ উৎসৱ দেৱালী ৷ ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তত দেশৰ নিৰাপত্তাৰ বাবে নিয়োজিত সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলে নিজৰ ঘৰ আৰু পৰিয়ালৰ পৰা বহু দূৰৈত থাকি আন্তঃৰাষ্ট্ৰীয় সীমান্তত উদযাপন কৰিছে দীপাৱলী উৎসৱ ।
সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলে তেওঁলোকৰ বিশেষ সাজ তথা ইউনিফৰ্ম পিন্ধাৰ পিছত তেওঁলোকৰ বাবে নিজৰ পৰিয়ালতকৈ দেশৰ সেৱা আৰু নিৰাপত্তা অধিক গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰি কৰ্মক্ষেত্ৰত পালন কৰে পোহৰৰ উৎসৱ দীপাৱলী ৷ ইটিভি ভাৰতৰ প্ৰতিনিধি যেতিয়া উক্ত সীমান্তত উপস্থিত হ’ল তেতিয়া জোৱানসকলৰ সুখ দুগুণে বাঢ়িল । দূৰৈৰ পৰা হ’লেও এই উৎসৱৰ বতৰত পৰিয়ালটোক দেখি পৰিয়ালটোৱে আনন্দিত হ’ব বুলি আশা কৰি সীমান্তত নিয়োজিত জোৱানসকলৰ আনন্দ-উল্লাস দুগুণে বৃদ্ধি পায় ।
জয়ছালমেৰ জিলাৰ ভাৰত-পাকিস্তান সীমান্তত থকা বি এছ এফৰ বীৰ জোৱানসকলৰ লগতে মহিলা জোৱানেও ঘৰ-দুৱাৰ আৰু পৰিয়ালৰ পৰা আঁতৰত থাকি সীমান্তত নিজৰ কৰ্তব্য সমাপন কৰি উৎসাহ আৰু আনন্দৰে দীপাৱলী উৎসৱ উদযাপন কৰিছে । দীপাৱলী উপলক্ষে জোৱানসকলে সীমান্তত বেৰ দি আৰু সীমান্তৰ চকীত লেম্প আৰু চাকি জ্বলাই আন্তঃৰাষ্ট্ৰীয় সীমান্ত আলোকিত কৰাৰ লগতে ইজনে সিজনক মিঠাই খুৱাই সতীৰ্থ জোৱান আৰু বিষয়াসকলক দীপাৱলীৰ শুভেচ্ছা জনায় ।