নিউজ ডেস্ক, 28 মে’: পঞ্জাৱৰ অমৃতসৰত পাকিস্তানী সৰবৰাহকাৰীৰ দুটাকৈ প্ৰচেষ্টা বিফল কৰিবলৈ সক্ষম হৈছে সীমান্ত সুৰক্ষা বাহিনী । অমৃতসৰ খণ্ডৰ দুটা স্থানত পাকিস্তানৰ ফালৰ পৰা ড্ৰ’নযোগে প্ৰেৰণ কৰা হেৰ’ইনৰ চালান উদ্ধাৰ কৰিছে বি এছ এফৰ জোৱানে । আনহাতে, ড্ৰ’নখন অৱতৰণ কৰাই এটা ভাৰতীয় সৰবৰাহকাৰীকো ধৰিবলৈ সফল হৈছে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী (BSF gunned down drone at Border)।
গভীৰ নিশা ড্ৰ’ন উৰাৰ শুনা গ’ল : বি এছ এফৰ মতে, 22 নং বেটেলিয়নৰ জোৱানসকলে নিশা আত্তাৰীৰ সীমান্তৰ অতি ওচৰৰ পুল মৰাণত টহল দি আছিল । ইফালে ৰাতিপুৱা প্ৰায় 9.35 বজাত ড্ৰ’নৰ শব্দ শুনা যায় । লগে লগে ড্ৰোণ খনলৈ লক্ষ্য কৰি জোৱানসকলে গুলী চলাবলৈ ধৰে । মিনিটৰ ভিতৰতে ড্ৰ’নৰ শব্দ বন্ধ হৈ যায় । সময় নষ্ট নকৰাকৈ জোৱানসকলে সেই অঞ্চলটো ছীল কৰি ড্ৰোণখনৰ সন্ধান চলায় । DJI Matris RTK 300 ড্ৰোনখন পথাৰত জব্দ কৰা হৈছিল যদিও তাত কোনো হেৰ’ইন চালান সংলগ্ন কৰা হোৱা নাছিল । জোৱানসকলে ৰাতি চাৰিওফালৰ অঞ্চলত তালাচী চলাবলৈ ধৰে (BSF shot down Pak drone at Amritsar) ।