অসম

assam

ETV Bharat / bharat

BSF seized Drugs: ত্ৰিপুৰা সীমান্তত জব্দ প্ৰায় ২৪ লাখ টকাৰ নিষিদ্ধ সামগ্ৰী - bsf seizes contraband items

ত্ৰিপুৰা সীমান্তত নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে বিএছএফ আৰু আৰক্ষীৰ অভিযান অব্যাহত আছে । তেনে এক অভিযানৰ মাজতে ত্ৰিপুৰা সীমান্তৱৰ্তী অঞ্চলত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা (Ganja seized on Tripura border)। গাঞ্জাসহ জব্দ প্ৰায় ২৪ লাখ টকাৰ নিষিদ্ধ সামগ্ৰী আৰু চোৰাং গৰু ।

BSF seized Drugs
ত্ৰিপুৰা সীমান্তত জব্দ প্ৰায় ২৪ লাখ টকাৰ নিষিদ্ধ সামগ্ৰী

By

Published : Dec 16, 2021, 3:17 PM IST

আগৰতলা,১৬ ডিচেম্বৰ :ত্ৰিপুৰাৰ সীমান্তৱৰ্তী অঞ্চলত ড্ৰাগছ, নিচাজাতীয় দ্ৰব্য, চোৰাং গৰু আদিৰ বিৰুদ্ধে বিএছএফৰ অভিযান অব্যাহত আছে । ইতিমধ্যে ভাৰত-বাংলা সীমান্তৰ বিভিন্ন স্থানত চলিত বছৰটোত বিএছএফে অভিযান চলাই জব্দ কৰিছে বহুত পৰিমাণৰ নিষিদ্ধ সামগ্ৰী । তেনে এক অভিযানৰ মাজতে পুনৰ ত্ৰিপুৰাৰ সীমান্তত জব্দ নিষিদ্ধ গাঞ্জা (Ganja seized on Tripura border)।

শেহতীয়াকৈ বিএছএফ আৰু আন সহযোগী সংস্থাৰ যুটীয়া অভিযানত ধ্বংস কৰা হয় প্ৰায় ২০ হাজাৰ জোপা গাঞ্জা । যোৱা ১৪ আৰু ১৫ ডিচেম্বৰত চলা এই অভিযানত বিভিন্ন স্থানৰ পৰা দলটোৱে ১৩৪ কেজি গাঞ্জাৰ লগতে ৫৯ টা সুৰাৰ বটল, ৩০ টা ফেঞ্চিডাইলৰ বটল আৰু ৬ টাকৈ চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয় । দুটা দিনত চলা অভিযানত জব্দ হোৱা গৰু আৰু নিষিদ্ধ সামগ্ৰীখিনিৰ মূল্য প্ৰায় ২৩ লাখ ৬৮ হাজাৰ ৫৮০ টকা হ'ব বুলি জানিব পৰা গৈছে ।

১৪ ডিচেম্বৰত নিৰ্দিষ্ট সূত্ৰৰ খবৰৰ ভিত্তিত গকুল নগৰৰ ১৫০ নং বেটেলিয়নৰ বিএছএফ আৰু বৰ্ডাৰ আউট পোষ্টৰ বক্সানগৰৰ আৰক্ষীয়ে প্ৰায় ৪ লাখ ১০ হাজাৰ টকাৰ ৮২ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় । একেদিনাই বিএছএফ আৰু বটাদোলা আৰক্ষীয়ে এক পৃথক অভিযানত প্ৰায় ৮ লাখ ১৭ হাজাৰ ৪২৫ টকাৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰে ।

জানিব পৰা মতে, জব্দ হোৱা গাঞ্জা আৰু নিষিদ্ধ সামগ্ৰীখিনি আৰক্ষীৰ লগতে শুল্ক বিভাগক হস্তান্তৰ কৰা হৈছে । ইয়াৰ পাছতে ১৫ ডিচেম্বৰত পুনৰ ১২৪ নং বেটেলিয়নৰ চিআৰপিএফ (CRPF) আৰু টিএছআৰৰ (TSR) ৯ নং বেটেলিয়ন আৰু বিএছএফৰ দলে যুটীয়া অভিযানৰ সময়ত খোৱাই জিলাৰ অন্তৰ্গত তেলিয়ামুৰাৰ সীমান্ত চকীত চিধাইৰ মোহনপুৰত প্ৰায় ৮ হেক্টৰ মাটিত কৰা ২০ হাজাৰ জোপা গাঞ্জা ধ্বংস কৰে ।

লগতে পঢ়ক :Drugs peddlers arrested in Dilai : ডিলাইত হেৰ'ইনসহ দুই সৰবৰাহকাৰী কৰায়ত্ত

ABOUT THE AUTHOR

...view details