আগৰতলা, 10 নৱেম্বৰ :সীমান্তত চলিছে নিচাজাতীয় সামগ্ৰীৰ চোৰাং ব্যৱসায় ৷ ত্ৰিপুৰা সীমান্তত চলা এই চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে ত্ৰিপুৰাস্থিত সীমা সুৰক্ষা বল চমুকৈ বিএছএফে নিয়মীয়াকৈ ইণ্ডো-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত চলাই আহিছে অভিযান ।
ইয়াৰ মাজতে এক গোপন সূত্ৰৰ পম খেদি মংগলবাৰে মাজনিশা চলোৱা এক অভিযানত বিএছএফৰ এটা দলে এক বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় ৷ এই অভিযানত বিএছএফৰ দলটোয়ে 51.5 কিলোগ্ৰাম গাঞ্জাৰ লগতে 650 টা য়াবা টেবলেটো জব্দ কৰে ৷ তাৰোপৰি 39 টা সুৰা বটল, 18 টা ফেনচিডাইল আৰু এস্কুফ চিৰাপৰ বটল আৰু 3 টা গৰুৰ মূৰ উদ্ধাৰ কৰাৰ উপৰিও বহু সংখ্যক নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে । অভিযানত সৰ্বমুঠ 7,79,941 টকা মূল্যৰ সামগ্ৰী উদ্ধাৰ কৰা হৈছে বুলি জনালে অভিযানকাৰী দলটোৱে ৷