অসম

assam

By

Published : May 10, 2021, 7:52 AM IST

ETV Bharat / bharat

ত্ৰিপুৰাত বৃহৎ পৰিমাণৰ চোৰাং সামগ্ৰী জব্দ সুৰক্ষা বাহিনীৰ

ত্ৰিপুৰাত মুঠ 14.38 লাখ টকাৰ নিষিদ্ধ সামগ্ৰী আৰু অন্যান্য চোৰাং সামগ্ৰী জব্দ বিএছএফৰ ৷ 8 আৰু 9 মে’ত এক শৃংখলাবদ্ধ অভিযান চলাইছিল বিএছএফ সৈন্যই ৷

BSF seized smuggling goods
ত্ৰিপুৰাত চোৰাং সামগ্ৰী জব্দ

আগৰতলা,10 মে’: ত্ৰিপুৰাত 8 আৰু 9 মে’ত চলোৱা এক শৃংখলাবদ্ধ অভিযানত মুঠ 14.38 লাখ টকাৰ নিষিদ্ধ সামগ্ৰীৰ লগতে অন্যান্য চোৰাং সামগ্ৰী জব্দ কৰে বিএছএফৰ এটি দলে ৷ ত্ৰিপুৰাৰ চেপাহিজালা জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত এই অবৈধ সামগ্ৰী জব্দ কৰে সীমা সুৰক্ষা বাহিনীয়ে ৷

সুৰক্ষা বাহিনীয়ে চোৰাং ব্যৱসায়ীৰ নিবিদা বিফল কৰে ৷ অভিযানৰ সময়ত 25 টা গৰু, 16 কিলোগ্ৰাম গাঞ্জা, 25 বটল নিষিদ্ধ ফেনচেডাইল, মুঠ 38 টা স্মাৰ্টফোন, দুখন মটৰ চাইকেল আৰু বিভিন্ন নিষিদ্ধ সামগ্ৰী জব্দ কৰে সুৰক্ষা বাহিনীয়ে ৷ এই সামগ্ৰীৰ মূল্য 14,38,772 টকা বুলি এক বিবৃতিযোগে উল্লেখ কৰে সুৰক্ষা বাহিনীয়ে ।

বিএছএফৰ নিৰ্দিষ্ট চোৰাংচোৱা ইনপুটৰ বিঅ’পি কুলুবাৰীৰ বিএছএফ সৈন্যই সোনামুৰা আৰক্ষী থানাৰ আৰক্ষীৰ সৈতে 8,10,962 টকাৰ 38 টা ম’বাইল ফোন জব্দ কৰিবলৈ সক্ষম হয় । জব্দকৃত ফোনকেইটা শুল্ক বিভাগক হস্তান্তৰ কৰা হয় ৷

ইয়াৰোপৰি, বিঅ’পি কামথানাৰ বিএছএফ সৈন্যই স্থানীয় আৰক্ষীৰ সৈতে মিলি 2,48,000 টকাৰ মুঠ 24 টা গৰু জব্দ কৰে । একেদৰে, আন এক অভিযানত বিঅ’পি পুটিয়াৰ বিএছএফ সৈন্যই 2,49,864 টকাৰ দুখন মটৰ চাইকেল জব্দ কৰে ।

একে ৰাতিতে বিভিন্ন অভিযানত 1,29,956 টকাৰ সামূহিক মূল্যৰ বিভিন্ন নিষিদ্ধ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় সুৰক্ষা বাহিনীয়ে । জব্দকৃত গৰু আৰু নিষিদ্ধ সামগ্ৰীবোৰ সংশ্লিষ্ট আৰক্ষী থানাত হস্তান্তৰ কৰা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ৰাজ্যসভাৰ সাংসদ ৰঘুনাথ মহাপাত্ৰৰ

ABOUT THE AUTHOR

...view details