আগৰতলা,৯ ডিচেম্বৰ :সীমান্তত নিষিদ্ধ গাঞ্জা, ড্ৰাগছ, গৰু আদিৰ চোৰাং সৰবৰাহ অব্যাহত আছে । কিন্তু এই ক্ষেত্ৰত সীমান্ত সুৰক্ষা বাহিনীয়ে (BSF) বিভিন্ন স্থানত অভিযান চলাই দুষ্টচক্ৰৰ এনে কাৰ্যকলাপ বিফল কৰিবলৈ সক্ষম হয় । এইবাৰ ত্ৰিপুৰাত সীমান্ত সুৰক্ষা বাহিনীৰ বৃহৎ সফলতা । ত্ৰিপুৰাৰ ভিন্ন স্থানত চলোৱা অভিযানত সীমান্ত সুৰক্ষা বাহিনীয়ে কেইবালাখ টকাৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে (BSF seized huge amount of narcotics in Tripura)।
সীমান্ত সুৰক্ষা বাহিনীয়ে প্ৰকাশ কৰা প্ৰেছ বিবৃতি অনুসৰি ৮ ডিচেম্বৰত গকুলনগৰ অঞ্চলত চলোৱা এক অভিযানত সীমান্ত সুৰক্ষা বাহিনীয়ে প্ৰায় ১ লাখ ৮৫ হাজাৰ টকাৰ নিষিদ্ধ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় (BSF seized ganja in Tripura )। গাঞ্জাখিনিৰ পৰিমাণ ৩৭ কি:গ্ৰা: হ'ব বুলি বিবৃতিত উল্লেখ কৰিছে সীমান্ত সুৰক্ষা বাহিনীয়ে । ইয়াৰ লগতে প্ৰায় ১৪ হাজাৰ ৯০০ টকাৰ ১০০ টা কফ চিৰাপৰ বটল আৰু ২,১০,৩৭৬ টকাৰ অন্যান্য নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় সীমান্ত সুৰক্ষা বাহিনী ।
এই আটাইখিনি সামগ্ৰীৰ মূল্য প্ৰায় ৪ লাখ ১০ হাজাৰ ২৭৬ টকা হ'ব বুলি জনাইছে সীমান্ত সুৰক্ষা বাহিনীয়ে । জব্দ কৰা সকলো সামগ্ৰী সোনামুৰা আৰক্ষী আৰু শুল্ক বিভাগক হস্তান্তৰ কৰিছে সীমান্ত সুৰক্ষা বাহিনীয়ে ।