আগৰতলা, ১৫ নৱেম্বৰ: ত্ৰিপুৰা(Tripura)ত নিচাযুক্ত দ্ৰব্যৰ অবৈধ বেহা অব্যাহত । যোৱা ১৩ নৱেম্বৰৰ নিশা ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত(Indo-Bangladesh International Border)ৰ কেইবাটাও স্থানত যুটীয়া অভিযান চলায় সীমান্ত সুৰক্ষা বাহিনী(BSF) আৰু কালামচৌৰা আৰক্ষীয়ে । এই অভিযানত জব্দ হয় অবৈধভাৱে সৰবৰাহ কৰা ১৪টা গৰুৰ মূৰ(Cattle Head), ১৭ কিলোগ্ৰাম গাঞ্জা(Ganja), ১৩৫ টা ফেনচেডাইল(Phensedyl)ৰ বটল আৰু বহু চোৰাং সামগ্ৰী ।
জব্দকৃত গাঞ্জাখিনিৰ মূল্য ১৬ লাখ টকা । আনহাতে, চোৰাংভাৱে সৰবৰাহ কৰা গৰুৰ মূৰকেইটাৰ মূল্য ১৬,৫৫,১৩৮ টকা । অবৈধভাৱে সৰবৰাহ কৰাৰ উদ্দেশ্যেৰে চেপাহিজালাৰ অন্তৰ্গত বিশালগড়ৰ পৰা বলেৰ’ পিক-আপ ভানেৰে নিষিদ্ধ সামগ্ৰীখিনি সৰবৰাহ কৰা হৈছিল । এই বিষয়ে গোপন সূত্ৰৰ পৰা খবৰ লাভ কৰাৰ পাচতে ১৩ নৱেম্বৰৰ মাজনিশা অভিযান চলোৱা হয় ।
বক্সানগৰ সীমান্ত সুৰক্ষা বাহিনী, গোকুলনগৰৰ প্ৰাক্তন সীমান্ত সুৰক্ষা বাহিনীৰ ১৫০ বেটালিয়ন কালামচৌৰা থানাৰ আৰক্ষীৰ সৈতে যুটীয়া অভিযান চলায় ।