নেশ্যনেল ডেস্ক,৮ ফেব্ৰুৱাৰী: সীমা সুৰক্ষা বলৰ বিষয়াৰ বিৰুদ্ধে উত্থাপিত হৈছে চোৰাংভাৱে গৰু সৰবৰাহ কৰা ঘটনাৰে জড়িত থকাৰ অভিযোগ । সোমবাৰে এই গোচৰ সংক্ৰান্তত চাৰ্জশ্বীট দাখিল কৰে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই । সীমা সুৰক্ষা বলৰ বিষয়া সতীশ কুমাৰসহ মুঠ ৭ জন লোকৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে । সোমবাৰে পশ্চিমবংগৰ আছাঞ্চলস্থিত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ আদালতত অভিযোগ পত্ৰ দাখিল কৰে । ২০২০ চনত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছিল ।
বিএছএফ বিষয়াৰ বিৰুদ্ধে গৰু সৰবৰাহৰ অভিযোগ - ৭ জনৰ বিৰুদ্ধে অভিযোগ
চোৰাং গৰু সৰবৰাহ সংক্ৰান্তীয় গোচৰৰ সৈতে নাম সাঙুৰ খাইছে সীমা সুৰক্ষা বলৰ বিষয়াৰ । গৰুৰ চোৰাং বেহাৰে জড়িত থকাৰ অভিযোগত মুঠ ৭ জন লোকৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই ।
সমগ্ৰ দেশৰ ৩৪ টা স্থানত তালাচী অভিযান চলোৱা হৈছিল । তদন্ত চলাই থকাৰ সময়তে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই সতীশ কুমাৰ আৰু আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে । অবৈধভাৱে গৰু সৰবৰাহ কৰা ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে সংস্থাটোৱে বহু তথ্য লাভ কৰিছে । সতীশ কুমাৰ সেই সময়ত মুৰ্শ্বিদাবাদ আৰু মালডাত নিয়োজিত আছিল আৰু গৰুৰ চোৰাং সৰবৰাহত সহায় কৰিছিল । এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই ।
লগতে পঢ়ক: সৈনিকৰ পেঞ্চন হ্ৰাসঃ কেন্দ্ৰীয় চৰকাৰক সমালোচনা ৰাহুল গান্ধীৰ