নিউজ ডেস্ক, ১৬ জানুৱাৰী:‘অপাৰেচন চাৰ্ড হাৱা’ ক’ডনামেৰে ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনীয়ে আগন্তুক গণৰাজ্য দিৱস উদযাপনৰ পূৰ্বে যিকোনো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ বন্ধ কৰিবলৈ ভাৰত-পাক সীমান্তত ১৫ দিনীয়া বিশেষ সতৰ্কবাণী জাৰি কৰিছে । জম্মু-কাশ্মীৰ, পঞ্জাব, গুজৰাট আৰু ৰাজস্থানকে ধৰি পাকিস্তানৰ সৈতে নিজৰ সীমান্ত ভাগ কৰা চাৰিওখন ৰাজ্যতে সতৰ্কতা জাৰি কৰা হৈছে ।
চোৰাংচোৱা প্ৰতিবেদনৰ উদ্ধৃতি দি বিএছএফৰ সূত্ৰই মঙলবাৰে ইটিভি ভাৰতক জনোৱা মতে, ২৬ জানুৱাৰীৰ পূৰ্বে ভাৰত-পাকিস্তান সীমান্তত ছয় ধৰণৰ সন্ত্ৰাসবাদী ভাবুকিৰ সৃষ্টি হৈছে । সূত্ৰই জনোৱা মতে, ‘‘পাকিস্তান ৰেঞ্জাৰ্ছ আৰু আই এছ আইয়ে জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে বিদেশী সন্ত্ৰাসবাদীয়ে ব্যৱহাৰ কৰা লঞ্চ পেডসমূহৰ ভিতৰত অন্যতম ‘মাছৰূৰ বাদা ভাই’ৰ জৰিয়তে সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ প্ৰক্ৰিয়াত সহায় কৰিছে ।’’
‘‘পাকিস্তানস্থিত সন্ত্ৰাসবাদীয়ে চীনত নিৰ্মিত ড্ৰ’নৰ জৰিয়তে ড্ৰাগছৰ লগতে চীনত নিৰ্মিত অস্ত্ৰ-শস্ত্ৰ বৃহৎ পৰিমাণে ভাৰতলৈ প্ৰেৰণ কৰিছে । পাকিস্তানৰ ৰেঞ্জাৰ আৰু আই এছ আইয়ে অস্ত্ৰ-শস্ত্ৰ আৰু ড্ৰাগছ পৰিবহণতো সহায় কৰি আছে ।’’ সূত্ৰই জনায় । সাধাৰণতে গণৰাজ্য দিৱস উদযাপনৰ ১০ দিন আগতেই এনে সতৰ্কবাণী জাৰি কৰা হয় । ‘‘অৱশ্যে যিহেতু আমি ২২ জানুৱাৰীত ৰাম মন্দিৰ অভিষেক কৰি আছো, গতিকে গণৰাজ্য দিৱসৰ ১৫ দিন পূৰ্বে এই সতৰ্কবাণী জাৰি কৰা হৈছে ।’’ সূত্ৰটোৱে লগতে উল্লেখ কৰে ৷