আগৰতলা, ২৮ ডিচেম্বৰ :সীমান্ত সুৰক্ষা বাহিনীয়ে নিয়মীয়াকৈ Anti Narcotics Smuggling অভিযান চলোৱাৰ লগতে ৰাজ্যখনত নিয়োজিত ত্ৰিপুৰা আৰক্ষী আৰু অন্যান্য ভগ্নী সংস্থাৰ ঘনিষ্ঠ সহযোগিতাত ত্ৰিপুৰাক এখন ড্ৰাগমুক্ত ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে (Tripura A Drug Free State) ৷ ২৮ ডিচেম্বৰত এখন মাৰুতি ইকোৰ দ্বাৰা আগৰতলাৰ পৰা সোনামুৰালৈ বৃহৎ পৰিমাণৰ য়াবা টেবলেট সৰবৰাহ কৰাৰ সম্ভেদ লাভ কৰে বিএছএফে (BSF seized Yaba tablets) ৷
নিৰ্দিষ্ট চোৰাংচোৱাৰ এই তথ্য লাভ কৰি বিএছএফৰ ১৩০ নং বেটেলিয়নে বিশালগড় আৰক্ষী থানাৰ স্থানীয় আৰক্ষী দলৰ সৈতে এক বিশেষ যুটীয়া অভিযান চলায় (BSF and police on Narcotics Smuggling mission) । বিএছএফৰ মতে, প্ৰায় 12.25 বজাত ম'বাইল চেক পোষ্ট (এমচিপি) দলে নিৰ্দিষ্ট বাহনখন জব্দ কৰে । পুংখানুপুংখ অনুসন্ধানৰ সময়ত, দলটোৱে "4,860টা য়াবা টেবলেট উদ্ধাৰ কৰে ৷ ইয়াৰোপৰি ২৫,৫০০ টকা আৰু ৪ টা মোবাইল ফোন উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে ৷