নেশ্যনেল ডেস্ক, ১১ মাৰ্চ :সীমান্ত অঞ্চলত পাকিস্তানী ড্ৰোণৰ কাৰ্যকলাপ অব্যাহত আছে (Activities of Pakistani drones)। এইবাৰ পুনৰ পাকিস্তানী ড্ৰোণে প্ৰৱেশ কৰিলে ভাৰতীয় ভূখণ্ডত । অৱশ্যে সীমান্ত সুৰক্ষা বাহিনীয়ে শনিবাৰে অমৃতসৰ জিলাত সেই পাকিস্তানী ড্ৰোণখনক লক্ষ্য কৰি গুলীচালনা কৰে । ড্ৰোণখনে কঢ়িয়াই অনা তিনি কিলোগ্ৰাম হেৰ'ইনো উদ্ধাৰ কৰে সীমান্ত সুৰক্ষা বাহিনীয়ে । অৱশ্যে ড্ৰোণখন ভূমিষ্ঠ নহয় আৰু ড্ৰাগছখিনি পেলাই পাকিস্তানৰ ফালে উভতি যায় । ড্ৰোণখন পুৱতি নিশা সীমান্ত পাৰ হৈ ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰিছিল (Pakistani drones carries drugs)।
টুইটযোগে সীমান্ত সুৰক্ষা বাহিনীয়ে লিখিছে যে শনিবাৰে পুৱতি নিশা বিএছএফ জোৱানসকলে অমৃতসৰ খণ্ডত প্ৰৱেশ কৰা এখন ড্ৰোণক লক্ষ্য কৰি গুলীচালনা কৰে (BSF fired at Pakistani drone)। অৱশ্যে অনুসন্ধান চলাই বিএছএফয়ে সন্দেহজনক হেৰ'ইনখিনি উদ্ধাৰ কৰে । উদ্ধাৰ হোৱা হেৰ'ইনখিনিৰ ওজন ৩.০৫৫ কিলোগ্ৰাম বুলি জানিব পৰা গৈছে ।
যোৱা কেইমাহমানত পাকিস্তানৰ পৰা ভাৰতীয় ভূখণ্ডত ড্ৰোণ প্ৰৱেশ কৰাৰ ঘটনা বৃদ্ধি পাইছে (Pakistani drone in India)। এদিন পূৰ্বে, বিএছএফৰ জোৱানসকলে গুৰদাসপুৰ খণ্ডত পাকিস্তানৰ পৰা আগ্নেয়াস্ত্ৰ কঢ়িয়াই অনা এখন ড্ৰোণক লক্ষ্য কৰি গুলীবৰ্ষণ কৰিছিল । বিএছএফৰ জোৱানসকলে ড্ৰোণৰ পৰা এ.কে চিৰিজ ৰাইফল, ৪০ ৰাউণ্ড গুলী আৰু দুটা মেগজিন জব্দ কৰিবলৈ সক্ষম হয় ।