নেচনেল ডেস্ক, 13 জানুৱাৰী:জম্মু আৰু কাশ্মীৰৰ কথুৱা জিলাত এটা সুৰংগ আৱিস্কাৰ হোৱাৰ হৈছে ৷ বুধবাৰে জম্মু আৰু কাশ্মীৰৰ কথুৱা জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰ তলত বিএচএফ (বৰ্ডাৰ চিকিউৰিটি ফৰ্চ) ৰ জোৱানে এই সুৰংগটো প্ৰত্যক্ষ কৰে ৷
উক্ত সুৰংগটো সন্ত্ৰাসবাদী সকলৰ অবৈধ অনুপ্ৰৱেশৰ বাবে সীমাত তৈয়াৰ কৰা হৈছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷ বিষয়ববীয়া সকলে জানিবলৈ দিয়া মতে বুধবাৰে পুৱা ববিয়ান গাঁৱত বিএচএফৰ সৈন্যই চলোৱা এক অভিযানৰ সময়ত সুৰংগটো প্ৰত্যক্ষ কৰে ৷