অসম

assam

ETV Bharat / bharat

অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা ৫ বাংলাদেশী নাগৰিকক আটক - বাংলাদেশী নাগৰিকৰ পৰা ধন সংগ্ৰহ দালালৰ

ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে পশ্চিমবংগত প্ৰৱেশ কৰা ৫ জন অবৈধ বাংলাদেশী নাগৰিকক আটক কৰিলে সীমান্ত সুৰক্ষা বাহিনী(Border Security Force)য়ে । আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বিভিন্ন স্থানৰ পৰা মহিলাসহ ৫ জন অবৈধ বাংলাদেশী নাগৰিকক আটক কৰে ।

Border Security Force have apprehended five Bangladeshi nationals
অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা ৫ বাংলাদেশী নাগৰিকক আটক

By

Published : Jul 23, 2021, 2:22 PM IST

নেশ্যনেল ডেস্ক, ২৩ জুলাই : অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি সীমান্ত সুৰক্ষা বাহিনীৰ জালত পৰিল ৫ জন অবৈধ বাংলাদেশী নাগৰিক(Bangladeshi national) । সীমান্ত সুৰক্ষা বাহিনী(Border Security Force)য়ে জনোৱা মতে, ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে অবৈধভাৱে পশ্চিমবংগত প্ৰৱেশ কৰিছিল ৩ গৰাকী মহিলাসহ মুঠ ৫ জন অবৈধ বাংলাদেশী নাগৰিকে । ধৃত বাংলাদেশী নাগৰিককেইজনক ভাৰতত চাকৰিত নিযুক্তি দিয়াৰ প্ৰলোভন দিয়া হৈছিল । অবৈধভাৱে আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰাৰ বাবে দালালে তেওঁলোকৰ পৰা হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰি আছিল ।

ধৃত ৫ জন বাংলাদেশী নাগৰিকৰ ভিতৰত ৩ জনক আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰাৰ সময়তে আটক কৰা হৈছিল । পৰিতোষ মণ্ডল, কমনা গোৱেল আৰু সত্যজিৎ বালা নামৰ এই ৩ গৰাকী নাগৰিকক পশ্চিমবংগৰ উত্তৰ ২৪ পাৰগণা জিলাৰ সীমান্তৰ পৰা আটক কৰা হয় । আনহাতে, আসুৰা(ৰহীমা) বেগম আৰু বেটনা(কাজল) খাতুন নামৰ আন দুগৰাকীক নদিয়া জিলাৰ সীমান্তৰ পৰা আটক কৰে সীমান্ত সুৰক্ষা বাহিনীয়ে । জেৰাৰ সময়ত পৰিতোষ মণ্ডলে স্বীকাৰ কৰে যে, তেওঁ আৰু তেওঁৰ পত্নী কামনা গোৱেলে এজন বাংলাদেশী দালালক আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰাত সহায় কৰিবলৈ ৫,০০০ বাংলাদেশী টকা পৰিশোধ কৰিছিল ।

তেওঁ লগতে জনায় যে, তেওঁলোকে বিগত কেইবছৰো ধৰি ভাৰতত কাম কৰি আছে । বাংলাদেশত নিজৰ পৰিয়ালক সাক্ষাৎ কৰি এতিয়া পনৰ উভতি আহিছে । আনহাতে, ধৃত সত্যজিৎ বালাই কয় যে, তেওঁ চাকৰিৰ সন্ধানত ভাৰতলৈ আহিছে আৰু বাংলাদেশী দালালক ১০,০০০ বাংলাদেশী টকা পৰিশোধ কৰিছে ।

জেৰাৰ সময়ত ৰহীমাই জনাইছিল যে, তেওঁৰ স্বামীৰ মৃত্যু হৈছে আৰু তেওঁ আৰ্থিকভাৱে দুৰ্বল । সেয়ে, ৰহীমা আৰু বেটনা এজন বাংলাদেশী দালালৰ সহায়ত ভাৰতলৈ আহিছে । দুয়োগৰাকীয়ে ভাৰতীয় দালালৰ সহায়ত বাংলাদেশৰ আহিছে আৰু দালালক ৫,০০০ টকা পৰিশোধ কৰিছে বুলি দুয়ো স্বীকাৰ কৰিছে । বৰ্তমান ধৃত বাংলাদেশী নাগৰিককেইজনৰ আইনী ব্যৱস্থাৰ বাবে সংশ্লিষ্ট আৰক্ষী থানাত গতাই দিয়া হৈছে

সীমান্ত সুৰক্ষা বাহিনীয়ে এক বিবৃতিযোগে জানিবলৈ দিছে যে, সীমান্ত সুৰক্ষা বাহিনীয়ে ভাৰত-বাংলাদেশ সীমান্তত অনুপ্ৰৱেশ প্ৰতিহত কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আছে ৷ সেয়ে, অনুপ্ৰৱেশকাৰী আৰু দালালবোৰে এতিয়া সমস্য়াৰ সন্মুখীন হৈছে । একাংশ অনুপ্ৰৱশকাৰী কৰায়ত্ত হৈছে আৰু তেওঁলোকক শাস্তি প্ৰদান কৰা হৈছে ।

উল্লেখ্য যে, ভাৰতত কাম দিয়াৰ প্ৰলোভন দি দালালে বাংলাদেশী নাগৰিকৰ পৰা মোটা অংকৰ ধন সংগ্ৰহ কৰে । কিন্তু ভাৰত-বাংলাদেশ সীমান্ত অতিক্ৰম কৰাৰ সময়তে অবৈধ বাংলাদেশী নাগৰিক সীমান্ত সুৰক্ষা বাহিনীৰ জালত পৰে ।

লগতে পঢ়ক :বাৰে বাৰে ফোনটো হাতত লৈ সৌম্যাই সোধে "দেউতা কেতিয়া আহিব ?’’

ABOUT THE AUTHOR

...view details