নেশ্যনেল ডেস্ক, 9 আগষ্ট:কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পাই(BS Yediyurappa) তেওঁক কেবিনেট মন্ত্ৰীৰ মৰ্যদা প্ৰদান কৰাৰ আদেশ প্ৰত্যাহাৰ কৰাৰ আহ্বান জনাইছে ৷ দেওবাৰে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনে মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাইক(Basavaraj Bommai) তেওঁক কেবিনেট মন্ত্ৰীপদৰ মৰ্যদা প্ৰদানৰ বাবে দিয়া আদেশ প্ৰত্যাহাৰৰ আহ্বান জনায় ৷
এক পত্ৰযোগে বোম্মাইক তেওঁ এই আদেশ প্ৰত্যাহাৰ কৰাৰ আহ্বান জনায় ৷ পত্ৰখনত য়েদিয়ুৰাপ্পাই উল্লেখ কৰে যে, "মই আপোনাক অনুৰোধ জনাইছো যে, মোক কেৱল সেই সুবিধাবোৰ হে প্ৰদান কৰক যিবোৰ তাৎক্ষণিকভাৱে এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীক দিয়া হয় আৰু মোক কেবিনেট পদবীৰ মৰ্যদা প্ৰদান কৰা আদেশটো প্ৰত্যাহাৰ কৰক" ৷
এই সন্দৰ্ভত কৰ্মচাৰী আৰু প্ৰশাসনিক সংস্কাৰ বিভাগৰ (Department of Personnel and Administrative Reforms) প্ৰট'কল শাখাৰ পৰা এক আনুষ্ঠানিক জাননী জাৰি কৰা হৈছে ৷ জাননীখনত উল্লেখ থকা অনুসৰি, মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই পদবীত নথকা পৰ্যন্ত এই নিৰ্দেশ প্ৰযোজ্য হ'ব ৷