নেশ্যনেল ডেস্ক, ১৬ এপ্ৰিল :আগন্তক কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যিক বিজেপিত মোক্ষম আঘাত (Karnataka Election 2023)। দলে জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ শ্বেট্টাৰেক টিকট প্ৰদান নকৰাত পদত্যাগ কৰে । উল্লেখ্য় যে, জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে, তেওঁ বিজেপিৰ পৰা পদত্যাগ কৰিলেও নিশ্চিতভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব (Ex CM Jagadish Shettar Quit BJP) । ইয়াৰ পিচতেই জগদীশ শ্বেট্টাৰক সমালোচনা কৰিছে বি এছ য়েদিয়ুৰাপ্পাই ।
বি এছ য়েদিয়ুৰাপ্পাই দেওবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ শ্বেট্টাৰক ১০ মে'ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ টিকট প্ৰদান নকৰাত দল ত্যাগ কৰাৰ সিদ্ধান্তক তীব্ৰ সমালোচনা কৰি কয় যে, ৰাইজে তেওঁক ক্ষমা নকৰে (B S Yediyurappa slams Jagadish Shettar)। শ্বেট্টাৰে দলটোৰ ৰাজ্যিক সভাপতিৰ লগতে বিধানসভাৰ বিৰোধী দলৰ নেতা আৰু মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বুলি উল্লেখ কৰি য়েদিয়ুৰাপ্পাই কয়,"আমি শ্বেট্টাৰৰ প্ৰতি কি অন্যায় কৰিছো ?" তেওঁ পুনৰ কয় যে জগদীশ শ্বেট্টাৰক কোনো লোকে ক্ষমা নকৰে ।
বি এছ য়েদিয়ুৰাপ্পাই কয় যে, দলটোৰ কেন্দ্ৰীয় নেতৃত্বই টিকটৰ বাবে তেওঁৰ পৰিয়ালৰ এজন সদস্যৰ নাম প্ৰস্তাব কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল । লগতে তেওঁক ৰাজ্যসভাৰ সদস্য অথবা কেন্দ্ৰীয় মন্ত্ৰীৰ তালিকাত অন্তৰ্ভুক্তৰ প্ৰস্তাৱ আগবঢ়োৱা বুলি উল্লেখ কৰি বি এছ য়েদিয়ুৰাপ্পাই কয় যে, শ্বেট্টাৰেক ৰাজনীতিৰ পৰা অৱসৰ ল'বলৈ কোৱা নাছিল । তেওঁ কয়," আপুনি কংগ্ৰেছলৈ কিয় গৈছে ? আমি আপোনাক ক্ষমতা প্ৰদান কৰা নাই বুলি কৈছিলো নেকি ? তেওঁ ইতিমধ্যে কংগ্ৰেছলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । তেওঁক যাবলৈ দিয়ক ।"
উল্লেখ্য় যে, ক্ষুব্ধ ৬৭ বছৰীয়া জ্যেষ্ঠ নেতাগৰাকীয়ে তেওঁ উত্তৰ কানাড়া জিলাৰ চিৰচীত বিধানসভাৰ অধ্যক্ষ বিশ্বেশ্বৰ হেগড়ে কাগেৰীৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিছিল (Jagadish Shettar announces resignation)। ইয়াৰ পিচতেই শ্বেট্টাৰে কয় যে, তেওঁ বিধানসভাৰ পৰাও পদত্যাগ কৰিব । বিজেপিলৈ তেওঁৰ যথেষ্ট অৱদান আছে । ইপিনে, বিধানসভাৰ অধ্যক্ষকে ধৰি গুৰুত্বপূৰ্ণ পদসমূহৰ কথা স্মৰণ কৰি শ্বেট্টাৰে কয় যে, দলটোৰ নেতাসকলে তেওঁক বুজি পোৱা নাই । দলীয় একাংশ নেতাই তেওঁক যিধৰণে উপেক্ষা কৰিছে তাক লৈ তেওঁ অসন্তুষ্ট বুলি ক্ষোভেৰে কয় ।
লগতে পঢ়ক:Karnataka Election 2023: বিজেপিত অন্তঃকন্দল; টিকট বঞ্চিত কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ শ্বেট্টাৰৰ পদত্যাগ