নেশ্যনেল ডেস্ক,৩০ অক্টোবৰ :সমাগত তেলেংগানাৰ বিধানসভা নিৰ্বাচন । তাৰ প্ৰাকক্ষণত বিআৰএছ সাংসদ তথা ডুবকাৰ প্ৰাৰ্থী কোটা প্ৰভাকৰ ৰেড্ডীক আক্ৰমণ । এজন লোকে ছুৰীৰে আক্ৰমণ কৰে বিআৰএছ নেতাগৰাকীক । চিদ্দিপেট জিলাৰ দল্টাবাদ মণ্ডলৰ চুৰামপল্লীত সংঘটিত হয় এই ঘটনা । উল্লেখ্য যে নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে প্ৰভাকৰ ৰেড্ডীয়ে সুৰাম্পল্লিত ঘৰে ঘৰে প্ৰচাৰ চলাই আছিল । সেই সময়তে সাংসদগৰাকীক এজন লোকে আক্ৰমণ কৰে । এই আক্ৰমণত সাংসদগৰাকীয়ে পেটৰ ওপৰভাগত আঘাত পায় ।
নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে দত্তনী ৰাজু নামৰ এজন লোকে তেওঁক ছুৰীৰে আক্ৰমণ কৰে । দলীয় কৰ্মীসকলে লগে লগে আঘাতপ্ৰাপ্ত সাংসদগৰাকীক এখন বাহনেৰে গজৱেল চিকিৎসালয়লৈ প্ৰেৰণ কৰে । অভিযুক্ত দত্তনী ৰাজু মিৰুডোডি মণ্ডলৰ পেড্ডপেয়ালা গাঁৱৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে । খবৰ অনুসৰি তেওঁ এটা ইউটিউব চেনেলৰ সাংবাদিক । ইফালে সাংসদগৰাকীক আক্ৰমণ কৰাৰ পাছতে ৰাজুক বিআৰএছ কৰ্মীসকলে কৰায়ত্ত কৰি উত্তম-মধ্যম সোধায় । পাছত অভিযুক্ত ৰাজুক আৰক্ষীক গতাই দিয়া হয় ।