নেশ্যনেল ডেস্ক, ১২ নৱেম্বৰ :নিৰ্বাচন সমাগত আৰু তাৰ প্ৰাকক্ষণত তেলেংগানাত বিভিন্ন ৰাজনৈতিক দলৰ সংঘাত আৰম্ভ হৈছে । বিশেষকৈ শাসকীয় ভাৰত ৰাষ্ট্ৰ সমিতি(বিআৰএছ) আৰু কংগ্ৰেছৰ মাজত উত্তেজনা বৃদ্ধি পাইছে । শনিবাৰে নিশা নগৰকুৰনুল জিলাৰ আচাম্পেট চহৰত দুয়োটা দলৰ মাজত প্ৰচণ্ড সংঘৰ্ষ হয় ।
আৰক্ষীয়ে জনোৱা মতে শাসকীয় দলৰ বিধায়ক গুভৱালা বালাৰাজু সংঘৰ্ষৰ সময়ত আঘাতপ্ৰাপ্ত হয় । লগতে দলটোৰ কেইবাজনো কৰ্মী আহত হয় । আহতসকলক নিশাই হায়দৰাবাদৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । আৰক্ষীয়ে কোৱা মতে কংগ্ৰেছ নেতাসকলে অভিযোগ কৰিছে যে বিধায়কগৰাকীয়ে ভোটাৰসকলক ধন বিতৰণ কৰিবলৈ গৈছিল । যাৰ বাবে দুয়োটা পক্ষৰ মাজত তৰ্ক আৰম্ভ হৈছিল । সেই তৰ্কই পাছত সংঘৰ্ষলৈ পৰিণত হয় । আৰক্ষীৰ মতে কংগ্ৰেছৰ একাংশ নেতাই বিধায়কগৰাকীক আক্ৰমণৰ চেষ্টা কৰে । আৰক্ষীয়ে জনোৱা মতে এতিয়ালৈ ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰা নাই ।
আৰক্ষীয়ে জনোৱা মতে কংগ্ৰেছৰ একাংশ নেতাই পথ অৱৰোধ কৰে আৰু শনিবাৰে সন্ধিয়া প্ৰচাৰ চলাই আচম্পেট চহৰত উপস্থিত হোৱা বিআৰএছৰ বৰ্তমানৰ বিধায়কগৰাকীক আক্ৰমণৰ চেষ্টা কৰে । বিধায়কজনৰ সৈতে যোৱা নিৰাপত্তাৰক্ষীসকলে লগে লগে তেওঁক ঘটনাস্থলীৰ পৰা স্থানান্তৰ কৰে । প্ৰতিবাদকাৰীসকলে বিধায়কজনৰ ব্যক্তিগত ভিডিঅ'গ্ৰাফাৰ আৰু ছ'চিয়েল মিডিয়া দল অহা এখন বাহনত আক্ৰমণ কৰে ।