নেশ্যনেল ডেস্ক, 4 ডিচেম্বৰ : দেওবাৰে নিশা পঞ্জাৱৰ ভটিণ্ডাৰ তুংৱালী গাঁৱত লোমহৰ্ষক ঘটনা সংঘটিত হৈছে ৷ সামান্য কাজিয়াৰ বাবে আত্মীয়ৰ হাতত প্ৰাণ হেৰুৱালে এটা দম্পতীয়ে ৷ এই ঘটনাৰ পিচতে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি, বেয়ন্ত কৌৰ নামৰ যুৱতীগৰাকীয়ে তুংৱালী গাঁৱত তেওঁৰ পৰিয়ালৰ লগত বাস কৰে ৷ জানিব পৰামতে তেওঁ জগমিত সিং নামৰ এজন যুৱকৰ লগত 2019 চনতেই আইনমতে বিবাহপাশত আৱদ্ধ হৈছিল ৷ জগমিত পেছাত এগৰাকী কনিষ্টবল ৷ দুুয়ো বিবাহপাশত আৱদ্ধ হৈছিল যদিও যুৱতীগৰাকীয়ে মাতৃৰ গৃহতেই বাস কৰি আছিল ৷
পূৰ্বৰ দৰেই শনিবাৰে মাজনিশা জগমিতে তেওঁৰ পত্নী বেয়ন্তক লগ কৰিবলৈ তেওঁলোকৰ ঘৰলৈ আহিছিল ৷ কিন্তু তেনেকুৱাতে বেয়ন্তৰ ভাতৃৰ লগত জগমিতৰ তৰ্কযুদ্ধ হয় ৷ ক্ৰমাৎ এই কাজিয়াই চূড়ান্ত ৰূপ লয় ৷ বেয়ন্তকে দুয়োকে ৰখাবলৈ চেষ্টা কৰিছিল যদিও দুয়োজনে হতাহতি কৰিবলৈ উদ্যাত হয় ৷ ফলত এই কাজিয়াৰ পৰিণতিত ভাতৃয়ে বেয়ন্তৰ লগতে জগমিতত হত্যা কৰে ৷ লগতে এই ঘটনাত বেয়ন্তৰ ভাতৃৰ সৈতে পিতৃ আৰু মাতৃ জড়িত থকাৰো সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷