নিউজ ডেস্ক, 24 মে’: 1947 চনৰ ভাৰত বিভাজনৰ সময়ত নিজ ভাতৃৰ পৰা পৃথক হোৱা এগৰাকী অশীতিপৰ মহিলাই অৱেশষত 75 বছৰৰ পাচত লগ পালে তেওঁৰ ভাতৃক ৷ পাকিস্তান অধিকৃত পঞ্জাবৰ গুৰুদ্বাৰ দৰবাৰ চাহিব ভ্ৰমণ কৰিবলৈ ভাৰতীয়সকলক সুবিধা প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিটত সম্ভৱ হৈ পৰে এই সাক্ষাৎ (Brother Sister reunited after 75 years)৷
কেৱল এই মহিলগৰাকীয়েই নহয়, আন বহু কেইগৰাকী লোকে বিভাজনৰ সময়ত বিচ্ছিন্ন হোৱা নিজৰ আত্মীয়সকলক সাক্ষাৎ কৰাৰ সুযোগ লাভ কৰে ৷ পাকিস্তানৰ গুৰুদ্বাৰা শ্ৰী কৰতাৰপুৰ চাহিবত সাত দশকৰ পাচত নিজ পৰিয়ালৰ সৈতে হোৱা এই মিলনৰ মুহূৰ্ত আছিল অতি আৱেগিক ৷
উল্লেখ্য যে, 81 বছৰীয়া মহিন্দৰ কৌৰে তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে কৰতাৰপুৰ কৰিডৰ হৈ গুৰুদ্বাৰ শ্ৰী কৰতাৰপুৰ চাহিবলৈ গৈছিল ৷ একে সময়তে, তেওঁৰ 78 বছৰীয়া ভাতৃ শ্বেখ আব্দুল্লা আজিজ পাকিস্তান অধিকৃত কাশ্মীৰৰ পৰা তেওঁৰ পৰিয়ালৰ সৈতে কৰতাৰপুৰ চাহিবলৈ আহিছিল ৷ কাকতালীয়ভাৱে এই সময়ছোৱাতে সুদীৰ্ঘ 75 বছৰৰ পাচত মিলন হয় ভাতৃ-ভগ্নীৰ ৷ এই মিলন আছিল অতি আৱেগিক (Kartapur Corrridor helps reunite siblings) ৷
স্মৰ্তব্য যে 1947 চনত ভাৰত আৰু পাকিস্তান বিভাজনৰ পূৰ্বে দুয়ো আছিল ভাৰতৰ নিবাসী ৷ কিন্তু বিভাজনৰ সময়ত শ্বেখ আব্দুল্লা আজিজ পাকিস্তান অধিকৃত কাশ্মীৰৰ নিবাসী হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ লগতে তেওঁ পৰিয়ালৰ বাকী সদস্য পঞ্জাবতে থাকি যায় ৷