নিউজ ডেস্ক, ১৯ জুলাই :উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাত সংঘটিত হৈছে এক ডাৱৰ বিস্ফোৰণৰ ঘটনা । চীন সীমান্তৰ ওচৰৰ কালাপানীত মঙলবাৰে নিশা সংঘটিত হয় এই ডাৱৰ বিস্ফোৰণৰ ঘটনাটো । ডাৱৰ বিস্ফোৰণৰ ফলত অঞ্চলটোত অৱস্থিত সীমান্ত পথ সংগঠনৰ (বিআৰঅ') দলং আৰু পথছোৱা বিস্তৰভাৱে ক্ষতিগ্ৰস্ত হৈছে ।
কালাপানীত সংঘটিত এই ডাৱৰ বিস্ফোৰণৰ ঘটনাত সীমান্ত পথ সংস্থাৰ গুৰুত্বপূৰ্ণ বেইলী দলং ভাঙি পৰে । যাৰ ফলত এই সমগ্ৰ অঞ্চলটো লিপুলেখ সীমান্তৰ পৰা বিচ্ছিন্ন হৈ পৰিছে । অৱশ্যে সকাহজনক কথা যে সীমান্তৰ এই অঞ্চলটোত ডাৱৰ বিস্ফোৰণৰ ঘটনাৰ ফলত জনসাধাৰণৰ কোনো ক্ষতি হোৱা নাই । ইতিমধ্যে বিআৰঅ' দল গৈ ঘটনাস্থলীত উপস্থিত হৈছে । ৰাজহ বিভাগৰ দলো ধাৰচুলাৰ পৰা কালাপানীলৈ ৰাওনা হৈছে । ৰাজহ বিভাগৰ দলটো সোনকালেই ঘটনাস্থলীত উপস্থিত হ'ব বুলি আশা কৰা হৈছে ।
কালাপানীত সংঘটিত ডাৱৰ বিস্ফোৰণৰ ফলত বিআৰঅ'ৰ দলংখন খহি পৰাত লিপুলেখ সীমান্তৰ সৈতে যোগাযোগ বন্ধ কৰি দিয়া হৈছে । উল্লেখ্য যে পিথোৰাগড় জিলাৰ এই অংশটো অতি দুৰ্গম অঞ্চল । আনকি বিআৰঅ'য়েও পথটো নিৰ্মাণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিবলগা হৈছিল । লগতে বেইলী ব্ৰীজ নিৰ্মাণৰ বাবেও যথেষ্ট কঠোৰ পৰিশ্ৰম কৰিবলগা হয় । কিন্তু ডাৱৰ বিস্ফোৰণৰ ঘটনাই বিআৰঅ'ৰ যথেষ্ট ক্ষতি কৰিছে ।