নেশ্যনেল ডেস্ক,৬ মে': দেশজুৰি কৰ'ণাৰ সংকটকালত অক্সিজেন চিলিণ্ডাৰ আৰু কনচেণ্ট্ৰেটৰকে ধৰি অন্যান্য জৰুৰীকালীন চিকিৎসা সাহায্য কঢ়িয়াই অনা এখন ব’য়িং ৭৭৭-২০০ বিমান দিল্লীত উপস্থিত হোৱা বুলি বৃহস্পতিবাৰে জনায় ব্ৰিটিছ বিমান কৰ্তৃপক্ষই ।
মহামাৰীৰ সময়ত আন্তৰ্জাতিক একত্ৰিত এয়াৰলাইনছ গ্ৰুপ (আইএজি কাৰ্গো), ব্ৰিটিছ বিমান কৰ্তৃপক্ষই ইংলেণ্ড আৰু ভাৰতৰ মাজত এক গুৰুত্বপূৰ্ণ বিমান সংযোগ বজাই ৰাখিছে । পাৰ্যমানে বিমানযোগে সহায় কৰি আহিছে । এই বিমান সেৱা এক বিশেষ চাৰ্টাৰৰ জৰিয়তে কৰা হৈছিল । জানিব পৰা অনুসৰি, ইয়াক দুয়োটা কোম্পানীয়ে সম্পূৰ্ণৰূপে পুঁজি যোগান ধৰিছিল । ব্ৰিটিছ বিমান কৰ্তৃপক্ষই দুৰ্যোগ জৰুৰীকালীন সমিতি (ডিইচি) ৰ সৈতে মিলিত হৈ কাম কৰি আছে বুলি জনায় ব্ৰিটিছ বিমান কৰ্তৃপক্ষই ।