নেশ্যনেল ডেস্ক, ১৮ জুলাই: আদালতৰ নিৰ্দেশনা অনুসৰি মঙলবাৰে অৰ্থাৎ আজি ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি তথা বিজেপি সাংসদ ব্ৰীজ ভূষণ শৰণ সিং আৰু প্ৰাক্তন সম্পাদক বিনোদ তোমাৰ ৰাউজ এভিনিউ আদালতত হাজিৰ হ'ব ।
৭ জুলাইৰ শুনানিৰ সময়ত আদালতে দিল্লী আৰক্ষীৰ দ্বাৰা দাখিল কৰা অভিযোগনামাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁলোক দুয়োকে চমন জাৰি কৰিছিল । তেওঁলোকক আদালতত হাজিৰ হ'বলৈ কোৱা হৈছিল । অতিৰিক্ত মুখ্য মেট্ৰ'পলিটান মেজিষ্ট্ৰেট (এচিএমএম) হৰজিৎ সিং যশপালৰ আদালতত দুয়োগৰাকী মল্লযুঁজ ফেডাৰেশ্যনৰ প্ৰাক্তন বিতৰ্কিত বিষয়া হাজিৰ হ'ব ।
উল্লেখ্য যে ১৫ জুনত দিল্লী আৰক্ষীয়ে ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে ৬ গৰাকী প্ৰাপ্তবয়স্ক মহিলা মল্লযুঁজাৰুৰ দ্বাৰা দাখিল কৰা যৌন নিৰ্যাতনৰ গোচৰৰ ভিত্তিত অভিযোগনামা দাখিল কৰিছিল । ২২ জুনত মুখ্য মেট্ৰ'পলিটান মেজিষ্ট্ৰেট (চিএমএম) মহিমা ৰায় সিঙে অভিযোগনামাখন বিবেচনা কৰিবলৈ গোচৰটো এমপি-এমএলএ আদালতলৈ স্থানান্তৰ কৰিছিল । তেওঁ বিষয়টো এচিএমএম হৰজিৎ সিং যশপাললৈ প্ৰেৰণ কৰিছিল ।