অসম

assam

ETV Bharat / bharat

দৰাৰ মুখস্থ নাই নেওঁতা: কইনাই ক’লে নহওঁ বিয়া - কইনা অবিহনে উভতিল কইনা

উত্তৰ প্ৰদেশৰ মহুৱা জিলাত দৰাই পূৰণ নেওঁতাৰ দ্বিতীয় ভাগ মুখস্থ মাতিব নোৱাৰাত বিয়াৰ বাবে অমান্তি হ’ল কইনা ৷ উক্ত ঘটনাৰ ফলত কইনা অবিহনেই উভতি যাবলগীয়া হয় দৰা ৷ সম্প্ৰতি এই ঘটনাই ব্যাপক চৰ্চা লাভ কৰিছে ছ’চিয়েল মিডিয়াত ৷

bride-refuses-to-marry-groom-who-failed-to-recite-table-of-2
দৰাৰ মুখস্থ নাই নেওঁতা: কইনাই ক’লে নহও বিয়া

By

Published : May 10, 2021, 9:18 PM IST

Updated : May 10, 2021, 10:53 PM IST

নেশ্যনেল ডেস্ক,10 মে’: যৌতুকৰ দাবী পূৰণ নোহোৱাৰ বাবে দৰাই বিয়াৰ বাবে অমান্তি হোৱাৰ কথা সচৰাচৰ আপুনিও হয়তো শুনিবলৈ পাইছে ৷ কিন্তু উত্তৰ প্ৰদেশৰ মহুৱা জিলাত এক ব্যতিক্ৰমী ঘটনা পোহৰলৈ আহিছে ৷ য’ত জয়মালা অনুষ্ঠানৰ সময়ত দৰাৰ অদ্ভূত কৰ্মকাণ্ড দেখি কইনাই দৰাৰ ওপৰত মালা দলিয়াই থিয় হৈ পৰে ৷ আত্মীয়ই জয়মালা পুনৰ উঠাই কইনাৰ হাতত দিয়ে যদিও কইনাই পুনৰ দৰালৈ মালা দলিয়াই আৰু দৰাক পূৰণ নেওঁতাৰ দ্বিতীয় ভাগ মুখস্থ মাতিবলৈ কয় ৷ কিন্তু দৰাই পূৰণ নেওঁতাৰ দ্বিতীয় ভাগ শুনাবলৈ ব্যৰ্থ হয় ৷ যাৰ ফলত কইনাই নিৰক্ষৰ দৰাৰ সৈতে বিয়াত বহিবলৈ অস্বীকাৰ কৰে । সম্প্ৰতি এই ঘটনাই ছ’চিয়েল মিডিয়াত ব্যাপত চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে ৷

নেওঁতাই লগালে জীৱনত আউল

উল্লেখ্য যে, মহুৱা জিলাৰ খৰেলা থানাৰ অন্তৰ্গত বল্লায়ান গাঁৱৰ ৰতিৰাম আহিৰৱাৰে পনবাড়ি থানাৰ অন্তৰ্গত ধাৱাৰ গাঁৱৰ বাসিন্দা ৰঞ্জিত আহিৰৱাৰৰ পুত্ৰ ৰামকিচুনৰ সৈতে জীয়েক মায়াৰ বিবাহৰ আয়োজন কৰিছিল । উক্ত বিয়াৰ অনুষ্ঠানতে সংঘটিত হয় এই অঘটন ৷

ইফালে এই ঘটনাৰ পাছতে দুয়ো পক্ষৰ মাজত কেইবাবাৰো বৈঠকৰ আয়োজন কৰা হয় যদিও তাৰ পাছতো কইনাই বিয়াত বহিবলৈ অমান্তি হয় ৷ ইয়াৰ ফলত বাধ্যত পৰি কইনা অবিহনেই উভতি যাবলগীয়া হয় দৰাপক্ষ ৷ সম্প্ৰতি এই ঘটনাই ব্যাপক চৰ্চা লাভ কৰিছে ৷

লগতে পঢ়ক: তেলেংগানাত অস্থায়ীভাৱে 50 হাজাৰ চিকিৎসকক নিযুক্তি

Last Updated : May 10, 2021, 10:53 PM IST

ABOUT THE AUTHOR

...view details