নিউজ ডেস্ক, 24 আগষ্ট :ভাৰতীয় বিবাহসমূহত গীতৰ আছে এক মুখ্য ভূমিকা ৷ দৰাঘৰীয়াই হওক বা কইনাঘৰীয়াই নিজৰ পছন্দৰ গানত এপাক নচাটো যেন এতিয়া বিয়াসমূহৰ এক অবিচ্ছেদ্য অংগত পৰিণত হৈছে ৷ বিয়াগীতৰ সমান্তৰালকৈয়ে আধুনিক গীত, DJ ৰ মিউজিকত বিয়াৰ মণ্ডপত প্ৰৱেশ কৰে বহু কইনাই ৷ কিন্তু নিজৰ পছন্দৰ গীত নবজাৰ বাবেই বিয়াৰ মণ্ডপত প্ৰৱেশ কৰিবলৈ অমান্তি হোৱা ঘটনা হয়তো এয়াই প্ৰথম ৷
সম্প্ৰতি এক ভিডিঅ’ যথেষ্ট চৰ্চিত হৈ পৰিছে সামাজিক মাধ্যমত ৷ ইনষ্টাগ্ৰামৰ এক ৱেডিং ফটোগ্ৰাফী পেজ The WeddingBrigade এ ভিডিঅ’টো শ্বেয়াৰ কৰি কেপশ্বনত লিখিছিল ‘Watch the video to know why the bride didn’t want to enter the venue. Brides to be don’t forget to get your bridal entry song ready to avoid last-minute mishaps.’
ভিডিঅ’টোত এগৰাকী কইনাই নিজৰ কেইগৰাকীমান বান্ধৱী আৰু ভাতৃ-ভগ্নীৰ সৈতে পৰম্পৰাগত ‘ফুলো কী চাদৰ’ৰ তলত মণ্ডৱত প্ৰৱেশৰ বাবে প্ৰস্তুত হৈ থকা সময়তেই হঠাৎ কইনাই এখোজো আগনবঢ়াও বুলি কয় ৷ কইনাগৰাকীয়ে কয়, তেওঁ নিজৰ প্ৰৱেশৰ সময়ত যিটো গীত বজাতো বিচাৰিছিল তাৰ বিপৰীতে অন্য এটি গীতহে বাজি আছে ৷ কইনাগৰাকীয়ে আবেগ আৰু খঙত তেওঁ এই বিষয়ে আগতেই সমন্বয়কক জনাই থৈছিল বুলিও কয় ৷