নেশ্যনেল ডেস্ক, 4 ডিচেম্বৰ:ৰাজধানী দিল্লীৰ পৰা পোহৰলৈ আহিছে এক মৰ্মান্তিক খবৰ । বিয়াৰ দিনাই মৃত্যুমুখত পৰিল এগৰাকী কইনা ৷ উল্লেখ্য যে , বিয়াৰ দিনাই হঠাতে কইনাৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল, তাৰপাছতেই কইনা গৰাকীক খৰখেদাকৈ জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ অৱশ্যে চিকিৎসকে কইনা গৰাকীক মৃত বুলি ঘোষণা কৰে । কইনাৰ আকস্মিক মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে বিবাহ অনুষ্ঠিত হ’বলগীয়া ঘৰখনত শোকাকুল পৰিৱেশে বিৰাজ কৰে(Bride Shivangi dies in Lucknow) ৷
জানিব পৰা মতে , ঘটনাৰ স্থান উত্তৰ প্ৰদেশৰ ৷ উত্তৰ প্ৰদেশৰ মালিহাবাদ অঞ্চলৰ ভাদৱানা গাঁৱৰ নিবাসী ৰাজপালৰ কন্যা শিৱাংগীৰ বিবাহৰ আয়োজন চলিছিল । লক্ষ্ণৌৰ বুদ্ধেশ্বৰৰ পৰা দৰাঘৰীয়াই কইনা লৈ যোৱাৰ মানেসেৰে শোভাযাত্ৰা কৰি আহিছিল । উৎসৱমুখৰ পৰিৱেশে চৌদিশে বিৰাজ কৰি থকাৰ সময়তে দৰা-কইনাই পৰস্পৰক মালা পিন্ধোৱাৰ শুভক্ষণটো আহি পালে ৷
শুভক্ষণটো অৱশ্যে বেছি পৰলৈ উপভোগ কৰিবলৈ নাপালে পৰিয়াল তথা বিবাহ অনুষ্ঠানটোত উপস্থিত লোকে ৷ কইনা শিৱাংগীয়ে মঞ্চত উপস্থিত হৈ দৰা বিবেকক মালা পিন্ধাবলৈ লোৱাৰ সময়তে হঠাৎ শিৱাংগী মঞ্চত ঢলি পৰে । খৰখেদাকৈ কইনা শিৱাংগীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল ৷ সময়মতে উপযুক্ত চিকিৎসা লাভ কৰাৰ পাছত কইনা শিৱাংগী সুস্থ হৈ উঠে আৰু বিয়াৰ আন আন ৰীতি-নীতি সম্পূৰ্ণ কৰা হয় ।