অসম

assam

ETV Bharat / bharat

মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল চিবিআইৰ

মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখৰ বিৰুদ্ধে চিবিআইৰ এজাহাৰ দাখিল । উৎকোচ লোৱাৰ অভিযোগত প্ৰাক্তন গৃহমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে চিবিআইয়ে ।

By

Published : Apr 24, 2021, 1:35 PM IST

মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল চিবিআইৰ
মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল চিবিআইৰ

নেশ্যনেল ডেস্ক, ২৪ এপ্ৰিল: মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখৰ বিৰুদ্ধে এজাহাৰ দাখিল চিবিআইৰ । উৎকোচ লোৱাৰ অভিযোগত প্ৰাক্তন গৃহমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে চিবিআইয়ে । শনিবাৰে মুম্বাইৰ বিভিন্ন স্থানত তালাচী অভিযান চলোৱাৰ পাচতে এজাহাৰ দাখিল কৰে চিবিআইয়ে ৷

মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰম বীৰ সিঙে অনিল দেশমুখৰ বিৰুদ্ধে ব'ম্বে উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰিছিল । পৰম বীৰ সিঙৰ অভিযোগৰ ভিত্তিত ব'ম্বে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে চিবিআইয়ে তদন্ত চলাই এই এজাহাৰ দাখিল কৰে বুলি জানিবলৈ দিয়ে এগৰাকী শীৰ্ষ বিষয়াই ।

উল্লেখ্য যে, ভাৰতৰ প্ৰভাৱশালী উদ্যোগপতি মুকেশ আম্বানিৰ ঘৰৰ সন্মুখত বিস্ফোৰক সামগ্ৰী ভৰ্তি এখন বাহন উদ্ধাৰ হৈছিল । এই ঘটনাই দেশজুৰি চাঞ্চল্য বিৰাজ কৰাৰ সময়তে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এন আই এ) ই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । প্ৰাপ্ত তথ্য অনুসৰি, বিশিষ্ট উদ্যোগপতি গৰাকীৰ ঘৰৰ সন্মুখত উদ্ধাৰ হোৱা বাহনখনৰ গৰাকীৰ তথ্য লাভ কৰিছে অনুসন্ধানকাৰী সংস্থাটোৱে । এই ঘটনাৰ ভিত্তিতে অনিল দেশমুখ আৰু শচীন ৱেজকো জেৰা অব্যাহত ৰখা হৈছে । কিছু সপ্তাহ পূৰ্বে ব'ম্বে উচ্চ ন্যায়ালয়ে দেশমুখৰ বিৰুদ্ধে প্ৰাথমিক তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছিল ।

লগতে পঢ়ক: ৰেমডেচিবিৰ ক'লা বেহাৰ অভিযোগত তেলেংগানাত গ্ৰেপ্তাৰ চাৰি

For All Latest Updates

ABOUT THE AUTHOR

...view details