নেচনেল ডেস্ক,4 এপ্ৰিল:বহু পূৰ্বৰে পৰা আমাৰ সমাজতপৃথক ধৰ্মীয় বিশ্বাস তথা সম্প্ৰদায়ৰ মাজত সম্পন্ন হোৱা বিবাহে এক বিতৰ্কিত স্থান পাই আহিছে ৷ এনে প্ৰায়বোৰ ঘটনাতেই পৰিয়াল অথবা সমাজৰ ফালৰ পৰা বাধা অহাটো যেন এক স্বাভাৱিক কথা ৷ কিন্তু ইয়াৰ মাজতে কোলহাপুৰৰ মোজাৱৰ আৰু যাদৱ পৰিয়ালে এই সকলো বাধা প্ৰতিহত কৰি জাতি ধৰ্মৰ বৈচিত্ৰতা উদযাপন কৰি সমাজৰ বাবে এক উদাহৰণ দাঙি ধৰিছে ৷ দুয়োটা পৰিয়ালেই জাতি, ধৰ্মৰ নামত থকা ভেদাভেদক আওকান কৰি নিজ নিজ সন্তানৰ বিবাহ উদযাপন কৰিছে ৷
সমাজৰ বাবে এক বাৰ্তা বহনকাৰী এই বিবাহ খনৰ দৰা হিন্দু সম্প্ৰদায়ৰ হোৱাৰ পৰিৱৰ্তে কইনা মুছলিম সম্প্ৰদায়ৰ ৷ ৰাজৰ্ষি চাহু মহাৰাজৰ আদৰ্শ অনুকৰণ কৰি এই পৰিয়াল দুটাই একেখন মণ্ডপতে হিন্দু আৰু ইছলাম দুয়োটা ধৰ্মীয় ৰীতিৰে সম্পন্ন হোৱা তেওঁলোকৰ সন্তানৰ বিবাহ উদযাপন কৰে ৷
জানিব পৰা মতে, দৰা আৰু কইনা বহু বছৰৰ পৰাই এক ভাল সম্পৰ্কত আছিল আৰু অনুভৱ কৰিছিল যে ধৰ্মীয় বিভেদ তেওঁলোক এক হোৱাৰ পথত বাধা হৈ থিয় দিব পাৰে ৷ কিন্তু দুয়োৰে পৰিয়ালে যেতিয়া তেওঁলোকৰ সম্পৰ্কক স্বীকৃতি দিলে দুয়ো যথেষ্ট আনন্দিত হৈছিল ৷
উল্লেখ্য যে, মোজাৱৰ আৰু যাদৱ পৰিয়ালৰ মাজত দীৰ্ঘদিন ধৰি বন্ধুত্ব আছিল ৷ আৰু পৰিয়ালৰ মাজৰ এই বন্ধুত্বৰ বাবেই কইনা মাৰ্চা নাদিম মোজাৱৰ আৰু দৰা সত্যজিত সঞ্জয় যাদৱৰ মাজত বন্ধুত্ব গঢ় লৈ উঠে ৷ বিগত 10 বছৰ ধৰি দুয়োগৰাকীৰ মাজত ভাল বন্ধুত্বৰ সম্পৰ্ক আছিল আৰু এই বন্ধুত্বই পাছলৈ প্ৰেমৰ ৰূপ লয় ৷ কিন্তু দয়োৰে মাজত বিবাহৰ সম্ভাৱনা খুউব কম আছিল ৷ কিন্তু সকলো বাধা ভাঙি লকডাউনৰ সময়ত মাৰ্চা নাদিম মোজাৱৰ আৰু সত্যজিত সঞ্জয় যাদৱৰ মাজত এংগেজমেন্ট হৈ যোৱাৰ পৰিৱৰ্তে দুদিন পূৰ্বে বিবাহপাশত আৱদ্ধ হয় ৷
লগতে পঢ়ক:নিৰ্যাতনৰ সন্মুখীন কেৰালাৰ প্ৰথমগৰাকী তৃতীয় লিংগৰ প্ৰাৰ্থী...