নেশ্যনেল ডেস্ক, 11 মাৰ্চ:উৎসৱ পালনৰ নামত একাংশই বিকৃত কৰিছে নেকি সংস্কৃতি? এইবাৰ ৰাজধানী চহৰ দিল্লীত সংঘটিত হৈছে জঘন্য ঘটনা ৷ ফাকুৱা সনাৰ নামত এগৰাকী জাপানীজ যুৱতীৰ লগত দুৰ্ব্যৱহাৰ কৰি ভিডিঅ’ ভাইৰেল কৰিলে এটা যুৱকৰ দলে (Boys misbehave with japanese girl) ৷ সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চা লাভ কৰিছে ভিডিঅ’টোৱে (Holi viral video) ৷
ভাইৰেল ভিডিঅ’টোত এগৰাকী জাপানীজ যুৱতীক ৰাজপথতে এটা যুৱকৰ দলে আগুৰি ধৰি হোলী সানে ৷ যুৱতীগৰাকীয়ে বাৰে বাৰে হোলী নাসানিবলৈ প্ৰতিবাদ কৰাৰ পিচতো যুৱকৰ দলটোৱে নিৰন্তৰে ৰং সানি আছিল যুৱতীগৰাকীক (misbehave with japanese girl) ৷ কেৱল ৰং সনাই নহয় এই সমগ্ৰ দৃশ্য ফোনৰ কেমেৰাত বন্দী কৰিছিল যুৱকৰ দলটোৱে ৷ ভিডিঅ’টো সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ লগে লগে দিল্লী আৰক্ষীয়ে সমগ্ৰ ঘটনাটো নিৰীক্ষণ কৰে ৷
আৰক্ষীয়ে ভিডিঅ’টোৰ ভিত্তিত তিনি যুৱকক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে ৷ অৱশ্যে ঘটনা সন্দৰ্ভত এতিয়ালৈকে কোনো লিখিত অভিযোগ দাখিল কৰা হোৱা নাই । আৰক্ষী বিষয়াই জনোৱা অনুসৰি যদি জাপানীজ যুৱতীগৰাকীয়ে অভিযোগ দাখিল কৰে তেন্তে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব । ইয়াৰ বাহিৰেও, যদি মহিলা আয়োগ বা আন কোনো প্ৰতিষ্ঠানৰ দ্বাৰাও অভিযোগ দাখিল কৰা হয়, তেন্তে অভিযুক্তৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব ।